✍✍ পূবালী গগৈ, নামৰূপ
শেৱালিৰ সুগন্ধিত মচগোল সেমেকা
চোতাল ঘৰ মোৰ চোতাল শুৱনি
অভিমানী দুৱৰিৰ বোকোচাত উঠি
নিয়ঁৰে মাদল বজায় ,
নাচে
ঠেৰো গেৰোকৈ দুৱৰীয়ে
থিয় হব খোজোতেই
নিয়ঁৰে কান্ধত ওলমি কয় " ৰাতি ৰাতি ওমলিম তোৰ সতে
জোকাম তোৰ লাহি পাহি দেহাটি মন গলে
বোকোচাত উঠিম মন গলে মুকুতা হৈ জিলিকিম
মন গলে খহি পৰিম নিজম চোতালত ।
" মুখ ওফোন্দাই বহি থাকে অভিমানী
দুৱৰি বায়ে পিছে প্ৰভাতে ঠেহ ভাঙে প্ৰতিদিনে ।