মিণ্টুল হাজৰিকা
বৰশীৰ টোপত সময়ৰ পৰিসীমা উলিওৱা
সূত্ৰ এতিয়া দুপৰীয়া কেই গজ দূৰত ৰাতিপুৱাটো আছিল?
আবেলিটোলৈ আৰু কিমান যোজন বাট!
মাটিৰ কটাৰ পানী শীতল মাছবোৰ নমৰে,
জী থাকে জী থাকে গধূলিৰ বজাৰ আধাসেৰ
চাউলত ছটা প্ৰাণী বাঁহৰ চাঙত হাঁড় কঁপায়৷
এক চিংগোল চাহৰ গিলাচত এন্ধাৰক বন্ধকীত থৈ
কেৰাহীত পানী চটিয়াই চুবুৰীয়াক সৰিয়হৰ উমান দিয়ে
ডিঙিলৈকে তিতে ভোকৰ বিলখনত
তথাপিও হাঁহে শুকান মুখত!
বিঃদ্ৰঃ 'কটা' হ’ল এবিধ মাটিৰ পাত্ৰ৷মাছমৰীয়াসকলে এই পাত্ৰত মাছ জীয়াই ৰাখে৷