"তোমাৰ বুকুতে উজ্বলাম
কতজনৰ সৃষ্টিৰ ৰহস্য,
যি সৃষ্টিয়ে বিয়পাৱ
সাহিত্যৰ উদ্দেশ্য।।"
নতুন প্ৰাণৰ ন-চকুজুৰিত দিপ্তী ঢালি পুৰণি পৃথিৱীক নতুনকৈ চোৱাৰ মানসেৰে যিসকল মহান পূণ্যাত্মাৰ অক্লান্ত শ্ৰম অাৰু ত্যাগৰ বিনিময়ত ৰোপন হোৱা অসমীয়া সাহিত্য, সংস্কৃতি, সমাজৰ বোধি বৃক্ষডাল ফল-ফুলে জাতিষ্কাৰ কৰা সেই সকল মহান পূণ্যাত্মাৰ প্ৰতি সহস্ৰ প্ৰণিপাত জনালোঁ।মুখা পৰিয়ালৰ সমূহ সদস্য তথা যিসকলে লিখনিৰে মুখা প্ৰকাশৰ ক্ষেত্ৰত সসহযোগতা অাগবঢ়ালে;তেওঁলোকক অান্তৰিক কৃতজ্ঞতা জনালোঁ। লগতে শলাগ যাচিছোঁ অালোচনী খনৰ অনলাইন মাধ্যমত প্ৰকাশত সহায় কৰা লোচন বৰাক বিশেষ ধন্যবাদ জনালোঁ।
যিসকলৰ মৰম,স্নেহেৰে "মুখা"ৰ প্ৰথম খণ্ডই সাহিত্যৰ ভোটাতৰা ৰূপত এখোজ নতুনত্বৰ বাট অাগুৱাব সক্ষম হৈছে;তেওঁলোকৰ ওচৰত "মুখা"ৰ সদস্যবৃন্দ চিৰকৃতজ্ঞ হৈ থাকিম।
জীৱন সুন্দৰ,বিশাল,বিষাদময়,স্মৃতি-মধুৰ,অানন্দ,নিৰানন্দ এইবোৰ অৰ্থপূৰ্ণ কৰি তোলে সাহিত্যই।সাহিত্যৰ জন্ম অাৱেগত; এই প্ৰাণীজগত অাৱেগেৰে পৰিচালিত হয়।মানৱ জাতিয়ে অকল সাহিত্য বুজিব পাৰে,সাহিত্য সৃষ্টি কৰিব পাৰে।সমাজত চলি থকা এক জীয়া প্ৰতিচ্ছবি অালফুলকৈ তুলি কবিয়ে কবিতাৰ জৰিয়তে,গল্পকাৰে গল্পৰ জৰিয়তে,উপন্যাসিকে উপন্যাসৰ জৰিয়তে সমাজৰ প্ৰতিচ্ছবিবোৰৰ সংবদ্ধ লিখিত ৰূপ দি সাহিত্য ৰচনা কৰে।
প্ৰতিভা সকলোৰে থাকে,প্ৰত্যেক মানুহে জন্মতে নিজা নিজা প্ৰতিভা লগত লৈ অাহে।এই প্ৰতিভাবোৰ বহুতৰে মঞ্চৰ অভাৱত কলিতে মৰহি যায়।"মুখা"ৰ এক মহৎ উদ্দেশ্য হ'ল এচাম নবীন লেখক-লেখিকাৰ সৃষ্টিক লিখিত ৰূপ দিয়া। কোনে জানে কোনে কেতিয়া ডেউকাত উঠি কোনজন অাগুৱাই যাব পাৰে অনন্ত কাললৈ।গতিকে সকলো নিজৰ মাজত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিভাবোৰক প্ৰকাশ কৰা এখন সুন্দৰ মঞ্চ হ'ল "মুখা"।কিয়নো ক্ষুদ্ৰৰ মাজতে বিশালতা পোৱা যায়।
সাম্প্ৰতিক সময়ৰ অসমৰ নবীন লেখক-লেখিকাৰ অনুভৱৰ মাধ্যম,প্ৰাণৰ স্পন্দন "মুখা" এক সম্ভৱনাময় পদক্ষেপ অাৰু জ্ঞান পিপাশুৰ অনুশীলন।"মুখা" এদিন জাকত-জিলিকা সমাজ পোহৰাৰ এক মহান সাহিত্য কেন্দ্ৰ হৈ উঠক -- এইয়া মোৰ অান্তৰিক কামনা।শেষত সকলোৰে সাধনাই অামাৰ সকলোৰে প্ৰাণৰ স্পন্দন "মুখা" অসমীয়া তিনিমহীয়া ই-অালোচনীখন যুগ-যুগান্তৰ হওক তাকে শ্ৰীচৰণত প্ৰণাম জনাই মই সভাপতিৰ মন্তব্য সামৰণি মাৰিছোঁ………
"সকলোৰে অাৰ্শীবাদ লৈ
যাম অামি অাগুৱাই
ভৱিষ্যত জ্ঞানৰ প্ৰদীপ জ্বলাই
ৰাখিম মুখাৰ নাম উজ্বলাই।"






