✍✍ শিল্পীকা ৰাজগুৰু,
জয়সাগৰ, ঠাকুৰপাৰা,
জিলা:-শিৱসাগৰ
চকুৰ পছাৰতে উছন হৈ গ'ল মাটি-ভেটিৰ লগতে পৰিয়াল বোৰো। তীব্ৰবেগী ব্ৰহ্মাস্ত্ৰৰ দৰে বাঢ়ি অহা বাঢ়নী পানীয়ে ক্ষন্তেকতে বুৰাই পেলালে সোণতলী গাওঁখনি। সন্ত্ৰাস সৃষ্টিকাৰী বানে নেমানে জাতি-কুল। ক্ষুধাতুৰ নৰখাদকৰ দৰে গো গ্ৰাসে গিলি পেলালে ঘৰ-বাৰীবোৰ। ইতিহাসৰ পৃষ্ঠাৰ মহেঞ্জোদাৰো সংস্কৃতি পানীৰ তলত নি:শেষ হোৱাৰ দৰে সোণতলী গাওঁখনিৰো চিন-মোকাম সমুলঞ্চে হেৰাই যোৱাৰ পৰতে চুলাইঘাটিৰ দুই পানীৰাম নলিয়া অাৰু ৰূপায়ে নাও লৈ ভটিয়াই অাহিছে। বানৰ অশান্ত তাণ্ডৱ দেখি সিহঁতৰ পুৰণিকলীয়া নিছাও নিমিষতে ফাটিল। দুয়োটাই পাৰ্যমানে ঘোলা পানীত উটি অহা গছৰ মূঢ়া,গৰু-গাই,হাঁহ-কুকুৰা,টালি-টোপোলাকে ধৰি সৰু সৰু শিশু দুটামানো নাঁৱতে লৈ অানিছে। ইফালে অবিৰামভাৱে সাঁতুৰি সাঁতুৰি অৱশ হৈ পৰা জোনালীয়ে হঠাতে দূৰৈত মনিচুনি বেলিকা অাশাৰ ঢিমিক-ঢামাক পোহৰৰ লঠন এটি দেখি 'নোৱাৰ ঐশ্বৰিক নাওখনি' অাহিছে বুলি সেপ ঢুকিছে। ৰূপায়ে গছৰ ঠালটোতে সাৱতি থকা জোনালীক নাৱতে তুলি ল'লে। অাই-পিতাইৰ অকামিলা বাৰ্ধক্য জৰ্জৰিত শৰীৰ দুটিও কিজানি ইতিমধ্যে মাছৰ পেটতে সোমাল। বিষাদ মনেৰে তাই এন্ধাৰ বুলীয়া নদীৰ পানীখিনিলৈ জুমি চালে। 'মৃতদেহৰ কোনো শুংসূত্ৰই নাই' !
'অাই-পিতায়ে সাঁতুৰিব নোৱাৰিলে' তাই এক সুগভীৰ হুমুনিয়াহ কাঢ়ে।
'অামাৰোচোন ল'ৰা-তিৰী বানৰ পেটত সোমাল' নাৱৰ টিঙত থিয় ৰোৱা ৰূপায়ে গম্ভীৰতাৰে কয়।তোৰ চকুহাল তেজৰঙা। তাইৰ নিচিনাকৈ ওৰো কিজানি চকুচলাবোৰ গোট মাৰিলে। ওচৰৰে কোঁৱৰপুৰ,অামগুৰি,পানবেচা অাদি গাঁওবোৰ বানে বিধ্বস্ত কৰিলেও সোণতলীৰ সোণগুটিৰ ভৰত দোঁ খাই পৰা পথাৰ-বাৰী সদায়ে সোণোৱালী অাছিল। কিন্ত কণা বিধাতাই গঁঞাৰ সুখৰ কাল সৰহ সময় চাব নোৱাৰিলে। একেজাক দবাপিটা বৰষুণেই কাল হ'ল।অাচম্বিতেই নিশ্চিহ্নতাৰ গৰাহত বিলুপ্ত হৈ গ'ল সোণতলীছিগা।
দুৰাতি নাঁৱতে উজাই অহাৰ পাছত চাপৰি যেন ঠাই এটুকুৰাত এটি সৰু স্কুলঘৰ দেখি নালীয়াই নাও চপালে।সেইটো এটা অাশ্ৰয় শিবিৰ। নামফলকখনৰ অৱস্থাও তথৈবচ।ফলকখনৰ মাজতে বিভক্ত হৈ ওলমি ৰৈছে।ঘৰটোৰ বাহিৰে-ভিতৰে গুড়ি পৰুৱাৰ লানি নিছিগাৰ দৰে বানপীড়িত জনতাৰ বিশাল জনস্ৰোত। মামৰে ধৰি কাজলা বৰণ লোৱা ফুটা ওলোৱা টিনপাত অাৰু হাফ ওৱালৰ দুকোঠলীয়া স্কুলঘৰ। বাৰাণ্ডা বুলিবলৈ ৰঙামাটিৰ শেলুৱৈ ধৰা ঠেক পিৰালিটো।ঘৰটোৰ মাটিৰ মজিয়াখনো জেকা।ঠায়ে ঠায়ে ভেঁকুৰে বগা চামনি বান্ধিছে।বেছিকৈ মজিয়াত পানী জমা গাঁতবোৰত মুগা-ৰঙচুৱা কাঠফুলাবোৰ লহপহকৈ গজিছে।প্ৰথম কোঠাটোত ডাঙৰ চৌকা এটা।শৌচ-প্ৰস্ৰাৱৰ বাবেও কোনেধৰণৰ সু-ব্যৱস্থা চকুত নপৰিল।ধুলি-মাকতিয়ে কৰাল বন্ধা চৌকাটোও নুমুওৱা।মানুহগালে ভোকতে ধৰফৰাইছে।কদো-বৰলে কামোৰাৰ দৰে দেহত অসংখ্য ক'লা ক'লা বসন্তৰ দাগেৰে ভৰপূৰ নাঙঠ শিশুবোৰে পুৰণি মলঙা অাটাগুড়ি এসোপা হাতেৰে মুঠিয়াই গলিয়াইছে।হাত-ভৰি ফুলা,কলেৰা-গ্ৰহণী,মেলেৰিয়া-জণ্ডিচত ভোগা ৰোগীবোৰে চিকিৎসাৰ অভাৱত কৰুণভাৱে কেঁকাইছে। জোনালীয়েও কপালৰ লিখন বুলিয়েই কৰ্দযখানাৰ প্ৰথম কোঠাটোলৈয়ে খোজ দিয়ে।পানীয়ে ডিঙিলৈকে সোপা মাৰি ধৰা মুহুৰ্ত্তত মাকে দঢ়াই দঢ়াই কৈছিল যে মূৰৰ ওপৰেৰে সহস্ৰ কোটি যন্ত্ৰণাৰ ধুমুহা বালিলেও শিপাডাল খামুচি তাই বটবৃক্ষজোপা হৈ অলৰ-অচৰ হ'ব লাগিব।চকুৰ পাহি দুটা চিৰদিনলৈ জাপ খাঁওতে তায়ো প্ৰতিজ্ঞাবদ্ধ হৈছিল যে, 'নমৰাপৰ্যন্ত তাই যিকোনো পৰিস্থিতিতে জীয়াই থাকিব' !
দুৰ্বল শৰীৰটোৱে অাৰু এখোজ অাগুৱাব নোৱাৰি কোঠাটোৰ অাধাভঙা দৰ্জাখনৰ চুকতে তাই হাওলি পৰিল।যেন নিয়তিয়ে তাইৰ হাত-ভৰি কটকটীয়াকৈ শিকলিৰ বান্ধি গতিয়াই দিলে এই দুৰ্ধৰ্ষ পুতীগন্ধীময় কাৰগাৰটোলৈ।চৌদিশে কেৱল হতভাগিনী তিৰোতাবোৰৰ বুকু চপৰিওৱা ৰাওচি জুৰা ক্ৰন্দন অাৰু লঘোণীয়া শিশুবোৰৰ হাই-উৰুমি।কোনোমতে সোলোক ধোলোক খোজেৰে ঘূৰি ফুৰা মানুহসকলে এটা কোঠাত ৰিলিফৰ পচা চাউল সিজাই খায় অাৰু অানটোত ওৰেটো দিন কলমতিয়াই ফুৰা অস্থি-চৰ্মসাৰ শৰীৰবোৰে ইটোৰ ওপৰত সিটো জপতিয়াই টোপনিত লালকাল দিয়ে। সকলোৰে শুকান মৰাপাট হেন জুটুলা-কুটুলা চুলি,তাতে মলিয়ন ঘৰ্মাক্ত দেহৰ ভেকেটা-ভেকেট দুৰ্গন্ধত তাইৰ উশাহ বন্ধ হ'বৰ উপক্ৰম হয়। তিনিটা দিন সম্পূৰ্ণ খালী পেটে কটোৱাৰ ফলত চতুৰ্থদিনা ৰাতিপুৱাই পেটতো দুহাতেৰে খামুচি পাছফালৰ পানীতে তাই হলহলাই বতিয়াই।
'পানী ঘটি পি লোৱাচোন তুমি'
পাছফালৰ পৰা ভাহি এক মিঠা নাৰীকণ্ঠ।তাইৰ সমবয়সৰেই বাগানৰ লেবাৰ লাইনৰ ছোৱালী এজনীয়ে পানী এঘটি অাগবঢ়াই দিয়ে ।
'ভগৱন্তৰ ইচ্ছা অৱিহনে অামি মৰিবও নোৱাৰো'
ছোৱালীজনীৰ বৃদ্ধা মাতৃয়ে এচলু পানী হাতত লৈ জোনালীৰ তালুত অালফুলে ঘঁহে।লেবাৰ ছোৱালীজনীয়ে তাইৰ হাতত ধৰি গছকি অলপদূৰ গৈ বাঁহনি এডৰাৰ মাজতে এটি নীলা ত্ৰিপালেৰে ঢকা প্ৰস্ৰাৱগাৰ দেখুৱাই সেইটো হেনো অান কোনেও নাই লক্ষ্য নাই কৰা।বহু যাতনাৰ পাছত শৌচ-প্ৰস্ৰাৱৰ বাবে সুচল ব্যৱস্থা পাতি দেখি তাইৰ সৰগ হাততে ঢুকি পালে। বাগানীয়া ছোৱালীজনীৰ নাম চম্পা। চম্পাই তাইক থৈলাৰ সৰু মোনাটোৰ পৰা অাধা লেৰেলা জাহাজীকল দুটা খাবলৈ দিয়ে।সময়ৰ লগে লগে জোনালীও অাভ্যস্ত হৈছিল কৰ্দয্য পৰিৱেশটোৰ সৈতে খাপ খাই চলাত।শিবিৰৰ পঁচা ভাত অাৰু কঁচু-ঢেঁকীয়াৰ পানীয়েই হৈ পৰিছিল সিহঁতৰ জীয়াই থকাৰ উৎস।
তাৰ মাজতে কেতিয়াবা তিনিখনমান ক'লাগাড়ী বিকট হৰ্ণ মাৰি বাহিৰতে ৰয়। গৰপ গৰপ খোজেৰে চৰকাৰী সাহাৰ্য্য-দাতা নে সংগঠনৰ মানুহ পাঁচ-ছয়জনমান অাহি কাগজৰ ঠোঙাত ৰিলিফলৈ পঁচা চাউল তিনি-চাৰি কেজিমান, বিস্কুট চাৰি পেকেটমান অাৰু লেৰেলা অালু পিয়াজ এপোৱামান লৈ অানে। চম্পাই কোৱামতে সিহত চৰকাৰী মানুহ।বান সাহাৰ্য্য শৰণাথীসকলক সময়মতে যোগান ধৰাই কাম। কেতিয়াবা বাহিৰতে চকী-বেঞ্চ পাৰি কেম্পো পাতে। তেতিয়া ফটা অাঠুৱা,অাইৰণ-ভিটামিনৰ ফাইল টেবলেট,দুই-এপেকেট চেনিটেৰী নেপকিন অাৰু এবেগেতমান জোঘৰ সৰু সৰু ফলৰ ৰসৰ বটল দিৰ্ভগীয়া লোকসকলৰ মাজত বিলায়। ৰাজ্য চৰকাৰে বান সাহাৰ্য্যৰ নামত প্ৰদান কৰা কোটি কোটি টকা ইহঁতে নিজা অভীষ্ট পূৰণৰ বাবে অাত্মসাৎ কৰে। তাৰ পৰিৱৰ্তে এই গেলা-পচা বস্তুবোৰ একেবাৰে নূন্যতম মূল্যৰে ক্ৰয় কৰি বিলায় শিবিৰে শিবিৰে।বস্তুবোৰ বিলাবলৈ তেনেতে গাড়ী এখন অাহে। হটঙা মানুহকিটাই গেলা-পচা চাউল অলপ বিলায়।গোটেই বস্তুবোৰ বিতৰণৰ শেষত পেটুৱা মানুহ এটাই বজাৰৰ সামগ্ৰী চোৱাৰ দৰে লুভীয়া দৃষ্টিৰে চায় জোনালীৰ যৌৱনা দেহাটো।
'এই দুপেকেট চেম্পু লোৱা'
সি চেম্পু পেকেট দুটা চাৰ্টৰ জেপৰ পৰা সাউৎকাৰে উলিয়াই তাইৰ হাতত গুজি দিয়ে।প্ৰত্যংগৰ ব্যৱসায়ৰ ৰমৰমীয়া বজাৰ। দেহৰ লিভাৰ, কিডনী, হাঁওফাঁও, ৰাজহাড় অাদিবোৰ হেনো ব্যৱসায়ীৰ হাতত বহু টকা মূল্যত বিক্ৰী কৰে।সিহত হত্যা ধৰ্ষণজনিত পাপকাৰ্য্যটো সিদ্ধহস্ত। নাৰীদেহ চালান দিয়ে নানা দেশ-বিদেশলৈ। টকাৰ বাণ্ডিলবোৰ মনে মনে গণে। দুমাহ পূৰ্বে ৰঘু ৰিক্সাৱালাৰ তিনিজনী গাভৰু ছোৱালী তেনেদৰে নিৰুদ্দেশ হোৱাৰ পাছত অাজিলৈকে ছোৱালীকেইজনীৰ ছাঁটো দেখিবলৈ নাই। বুকু কঁপি উঠিল জোনালীৰ।তেনেতে এদিন ভুতৰ ওপৰত দানহ ওলোৱাৰ দৰে ক'লা স্ক'ৰপিঅ' দুখনে বিকট শব্দৰে পদূলিত ৰয়। চম্পাই প্ৰাণৰ মমতাত ভিৰাই লৰ মাৰে। বুটজোতাৰ খোজেৰে মজিয়া কঁপাই তোলা শব্দৰে চিকাৰী দলটো সদলবলে সোমাই অাহে। এটা নৰপিশাচে পিৰালিতে ৰোৱা জোনালীৰ বাউসীতে চিলনীৰ দৰে থাপ মাৰি ধৰে।
'একদম টাটকা মাল, চাহাব অাপোনাৰ তাল' মুখত ক'লা কাপোৰ বন্ধা নৰপিশাচটোৱে ফোনটে কয়।কথাৰ মাজতে সি কপতীয়া হাঁহিৰে জোনালীৰ সব শৰীৰটো বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলোৱাৰ দৰে খুঁটি-নাতি মাৰি চায়। সিহঁতে চম্পাকো ধৰি অানে। তাই চিঞৰত গগণ ফালে। বেচেৰীয়ে দেৱী পূজাত বলি দিবলৈ ৰখা পঠাটোৰ দৰে হাত-ভৰি অাঁচাৰিবলৈ ধৰে।
'তোক বেচ দামতে কিনিব, বিদেশত ৰাণীৰ দৰে থাকিবি, সি তাইৰ ফালে চায়'
'অাপোনাৰ মা-ভন্টিক যদি কোনোবাই বিক্ৰী কৰে, সিহঁতকো মৃত্যুমুখলৈ থেলিবনি'
জোনালীৰ নিৰ্ভীক প্ৰতিবাদলৈ কেৰেপ নকৰি সি খঙেৰে চিঞৰে "ঐ চুপ, ট্ৰিগাৰ টিপিলেই তোৰ লাওখোলা উৰি মাটিত পৰব' উগ্ৰ ক্ৰোধেৰে সি তাইৰ কপালতে ক'লা বন্দুকটোৰ হেঁচি ধৰি ট্ৰিগাৰত বুঢ়া অাঙুলিৰে চাপ দিব লওঁতেই এজন অচিনাকি যুৱকে দ্ৰুতবেগে ভৰিৰে বন্দুকটো দূৰলৈ লথিয়াই দিয়ে।
চকু কপালত উঠে তাইৰ, কি বিস্ময়কৰ দৃশ্য! তাইক অাসন্ন মৃত্যুৰ পৰা ৰক্ষা কৰোতা দয়ালু ডেকাজনচোন এসময়ৰ তাইৰ প্ৰাক্তন প্ৰেমিক নয়ন দুৱৰা। নয়নৰ মধ্যস্থতাত বৰ্বৰ দলটোৰ পেটতে হাত-ভৰি লুকাল। সিহঁতে বীৰদপৈ শেনটোৰ দৰে অাহি কিল ভুকু খাই ফেঁচাটোৰ দৰে উভতিল।
'তোমালোকক এক নিৰাপদ স্থানলৈ মোৰ মানুহ লৈ যাব; চিন্তা নকৰিবা'
'চাও; হাতখন এৰি দিয়ক'
বহুপৰ হাতখন খামুচিধৰাত তাই চিৎকাৰ কৰে।
'ক'লৈ যোৱা, ইমান খৰধৰ কিহৰ, তুমিচোন বেচ চকুতলগা'
সি অলপ পৰ হাতখন ধৰি এৰি দিয়ে। খঙে-অপমানে দগ্ধ হৈ হুকহুকাই কান্দি চম্পাকে সাৱতি ধৰে। তাইক এনেদৰে স্পৰ্শ কৰাৰ ইমান দ:সাহস! চৰকাৰী মানুহটোৰ ইমান চৰিত্ৰৰ অধ:পতন ঘটা স্বভাৱ। ভয়ে-শংকাই তাইক জ্বৰ ঘমাদি ঘামে। চম্পাৰো চিন্তা বাঢ়ে।
'হৰিণাৰ মাংসই বৈৰী,' 'তুমি সিহঁতৰ পৰা অাতৰি থাকিবা' চম্পাই অনুচ্চ কণ্ঠেৰে ফুচফুচাই।
'শৰণাথীৰ ওপৰত নিৰ্যাতন চলোৱাই ধৰ্ম নেকি সিহঁতৰ'
'সিহঁতে যে চাউলমুঠি নিদিলে অামি নিগমে মৰিম'
'সেইবুলিয়ে কি সকলো প্ৰহসন মই চকু মুদি সহ্য কৰিম'
'সিহঁতৰ শক্তিৰ উমান নোপোৱা তুমি, জীৱনটোৱে কলংকিত হ'ব'
চম্পাৰ শেঁতা পৰা মুখখনিলৈ চায় জোনালী নিশ্চুপ হৈ ৰয়। তাই মৰ্মে মৰ্মে বাৰুকৈয়ে উপলদ্ধি কৰে চম্পাৰ বুকুত উমি উমি জ্বলা জঠৰাগ্নিকুৰাৰ মৰ্মবেদনা।
চম্পাহঁতৰ ঘৰ পূৰ্বতে ধেমাজিত অাছিল বানৰ প্ৰকোপত সিহঁতে যোৰহাটৰ ককিলামুখৰ মথাউৰিতে দুকোঠলীয়া এৰাপলীয়া ঘৰ এটাতে দহবছৰমান পাৰ কৰোতেই পুনৰ ৰাক্ষসীবানে ঘৰটোৰ লগতে তাইৰ সৰু ভায়েক দুটা, একমাত্ৰ ভনীয়েক জনী অাৰু কৰ্কটৰোগী দেউতাককো সিহঁতৰ বুকু শুদা কৰি কাঢ়ি নিয়ে। পেটৰ ভাতমুঠি যোকলোৱাৰ একমাত্ৰ সম্বল অাদৰৰ তাঁত শালখনিও উটুৱাই নিয়ে। চম্পাৰ কথাত জোনালীৰো জীউটো স্বৰূপ তাঁত-শালখনিলৈ চেৰেংকৈ মনত পৰে। কেনেদৰে এসাগৰ বলীয়া বানত হেপাঁহৰ তাঁত শালখনি মৰা শ'ৰটোৰ দৰেই ওপঙিছিল। ক'লা-মুগা চিকচিকিয়া মাকোটা; গৰকা, দোপতি, মহুৰাডালেও যেন মাকৰ শোতোৰা-শোতোৰ হাতখনিয়ে খেপিয়াইছিল।
চম্পাই অন্য এক গোপন ৰহস্যও ফাদিল কৰিলে। কোনো সময়ত কোনোবা অখ্যাত যুৱছাত্ৰ সন্থানে সংগঠনৰ বুলি দহজনমান উচ্চ পদস্থ বিষয়া অাহে শিবিৰলৈ। সিহঁতৰ হাতে হাতে চোকা মৰণাস্ৰ। শিবিৰৰ সদ্য যৌৱনা ফুলকুমলীয়া কিশোৰী যুৱতীবোৰ ভানত তুলি ক'ৰবালৈ লৈ যায়। হয়তু বৰ্হিদেশৰ নাৰীদেহ ব্যৱসায়ী সিহঁত। সিহঁতৰ হেনো বিদেশতো শৰীৰ অংগ। সি অানফালে মুখ ঘূৰায়। তাই নয়নলৈ চায়। তাৰ পিন্ধনত শুধ বগা কুৰ্তা-পাইজামা,হাতৰ মণিবন্ধত সোণোৱালী ঘড়ী, নিপোটল শৰীৰ। হয়তু কোনোবা নামজ্বলা উগ্ৰপন্থী সংগঠনৰেই তেওঁ স্বনামধন্য নায়ক। তাই ভৱাৰ দৰেই এসময়ত তাই পঢ়া বি.বৰুৱা কলেজত নয়নো পঢ়িছিল। সি কলেজৰ শ্ৰেষ্ঠ তাৰ্কিক অাৰু সু-কবি অাছিল। যাৰ কলমেৰে নিগঢ়িছিল অগ্নিশিখা স্বৰুপ উদাত্ত কবিতাৰ অপূৰ্ব পংক্তি। তাৰ অামোঘ ব্যক্তিত্বৰ সন্মোহনী শক্তিয়ে তাইকো অাহ্লাদিত কৰাৰ বাবে তাই অাগবাঢ়ি অাহি যাচিছিল জীৱনৰ প্ৰথমখনি প্ৰেম নিবেদন পত্ৰ। সকলো নিয়ম-মাফিক সুচাৰুৰূপেই চলোঁতেই নয়নৰ এটি সিদ্ধান্তই তাইক তাৰ পৰা অাতৰিবলৈ বাধ্য কৰাইছিল। যৱনিকা পৰিছিল এটি স্বৰ্গীয় প্ৰেম কাহিনীৰ।
'জোনালী মই স্বতন্ত্ৰভাৱে সমাজসেৱাত ব্ৰতী হ'ব খোজো, অামাক ন্যাৰ্য্যপ্ৰাপ্তি লাগে'
'তুমি তোমাৰ দক্ষতাৰে এদিন নিশ্চয় স্বাৱলম্বী হ'বা'
'টকাই সকলো সুখৰ অন্তৰায় নহয়, ব্যভিচাৰৰ বিৰুদ্ধে মুক্তমনে যুঁজিম মই'
'তেন্তে তুমি সেই নৰহত্যাকাৰী বিপ্লৱী জীৱনেই অাঁকোৱালি লোৱা'
মুহূৰ্ত্ততে খঙত হিতাহিত জ্ঞান হেৰুৱাই অাগ-পাছ নভৱাকৈয়ে তাই গুছি গৈছিল বহু দূৰলৈ। সিদিনা দীঘলীপুখুৰী পাৰৰ কাঠৰ বেঞ্চখনতে প্ৰস্তৰ মুৰ্ত্তিৰ দৰে অকলশৰে ৰৈছিল সি।
'তুমি মোক নুবুজিলা, দেশমাতৃৰ চৰণ ৰক্তেৰে পঘালিবলৈ ময়ো অপৰাগ'
এন্ধাৰতে সি মাথো নিৰৱে চকুলো টুকিছিল।
নয়নে পকেটৰ খৰচেৰেই চহৰৰ একাষে এডোখৰ ঠাইত ভাড়াঘৰ এটা কিনি জোনালী অাৰু চম্পাৰ পৰিয়ালটো শিবিৰৰ পৰা লৈ অানিবলৈ মানুহ পঠালে। সিহঁতক লৈ অনা ড্ৰাইভাৰজন যথেষ্ট বয়সস্থ। নাম দীন শৰ্মা।
'নয়নে ক'ত চাকৰি কৰে'
তাই সুধে - তাইৰ প্ৰশ্নত থতমত খায় দীন কায়ে কিবা ভাবি লাহেকৈ কয়
'নয়ন বোপা সমাজ সেৱক, সি তিনিটা এন.জি.অ.ৰ মালিক'
'স্বতন্ত্ৰ কাম কৰাৰ অৰ্থে মুক্তবাহিনীত যোগান কৰা নহয় নেকি'
দীনকাইৰ উত্তৰত তাই সাজোৰে চিঞৰি সুধে। এজাক যেন বিজুলী প্ৰৱাহ তাইৰ শিৰে শিৰে প্ৰৱাহিত হৈছে।
'নহয় অাইজনী, সি দুখীয়াৰ বাবে জীৱনটোৱে সপিছে, দেহটোও দান কৰিছে'
চকুলোৰে উপচি পৰা কোণ দুটি মচি লয় দীনকায়ে। জোনালীৰ দুচকুত তেতিয়া অন্য এখনি নৈ বৈ অাহে কলিজাৰে দুয়োপাৰ ভেদি। অবিৰাম। অাশ্ৰয় লাভ কৰিও তাই যেন এতিয়া এজনী অাশ্ৰয়হীন নাৰী।