ঋতু অাহে ঋতু যায়। এয়া প্ৰকৃতিৰ নিয়ম। অাহিনৰ মাজেদি শেৱালি ফুলৰ বাটেদি অাহিছে শৰৎ লগত অানিছে নিৰ্মল অাকাশৰ স্বচ্ছতা অাৰু অানন্দৰ অনাবিল সঁফুৰা। শেৱালি ফুলৰ গোন্ধেই সকলোৰে মনৰ কলুষিতা অাঁতৰাই এক নিকা পৰিৱেশৰ সৃষ্টি কৰে। হৃদয়ৰ ভাৱনাত সৃষ্টি হয় প্ৰেমৰ অনুৰণন। সকলোৰে মাজত বিনিময় হয় মৰম-ভালপোৱা সুগন্ধি সুবাস। প্ৰাণ প্ৰাচুৰ্য্যৰ উপচি পৰা প্ৰতিটো ৰাতিপুৱাই অামাৰ সকলোৰে বাবে কঢ়িয়াই অানে এটি কৰ্মময় দিনৰ সম্ভাৱনা।
অাহিন মাহত শৰতৰ অাঁচলত ধৰিয়ে অাহিছে শাৰদীয় দুৰ্গাৎসৱ। উদ্বেলিত জনগণৰ ভক্তিৰস উৎসৱৰ ৰং অাৰু অাহে শাৰদীয় বতৰৰ প্ৰেমময় অনুভৱবোৰ সুৰ্তমান দুৰ্গাৎসৱ। অামাৰ বছৰটোৰ প্ৰায় ভাগ সময়তেই চলি থাকে বিভিন্ন ধৰণৰ পূজা। বাৰটা মাহত তেৰটা উৎসৱ। তথাপি পূজা বুলি ক'লে, উৎসৱৰ নাম ল'লে অামাৰ বহুতৰ মনত প্ৰথমেই অাহে শাৰদীয় দুৰ্গাপূজা। সেইবাবে শাৰদীয় দুৰ্গাপূজাৰ সংক্ষিপ্ত নাম হ'ল পূজা। শেৱালিৰ ফুলৰ সুৱাস নাকলৈ অাহিলেই, পথাৰত কঁহুৱা ফুলা দেখিলেই বহুতে কয় পূজা অাহিল। অাৰম্ভ হ'ল মধুৰ প্ৰতীক্ষা। এনে প্ৰতীক্ষাৰ কাৰণ হ'ল শাৰদীয় দুৰ্গাপূজা।
ঋতুৰ ৰাণী হ'ল শৰৎ। সকলো ঋতুৰে কিছুমান নিজা বৈশিষ্ট্য অাছে। নিজৰ বৈশিষ্ট্য সমূহৰ মাজেৰে ঋতুবোৰৰ প্ৰকৃতি চলি থাকে। ঋতুবোৰক অামি নিজৰ নামেৰে মাতো। নিজৰ কৰি ল'বলৈ অামাৰ সাজেৰে সাজি লওঁ। অামি ৰাণী শৰতক সজাওঁ। শৰৎ অামাৰ বাবে হৈ পৰে ৰং উৎসৱৰ ঋতু। শৰতক অামি সকলোৱে ভাল পাওঁ। শৰৎ অাহিলে অামাৰ সকলোৰে মনলৈ অাহে শাৰদীয় শৰতৰ সকলো ৰঙকে নিষ্প্ৰভ কৰি অামাৰ অালোক মালা। শৰতৰ সকলো শব্দকে চেৰ পেলাই গুঞ্জৰি উঠে স্ততি অাৰু কুশল প্ৰাৰ্থনা। অামাৰ উচ্ছল অানন্দ অাৰু উন্মাদনাই নি:শেষ কৰি পেলায়, শৰতৰ সমাহিত মুখৰ কোমলতা। শৰতক অামি উচ্ছল অানন্দেৰে যেন বুৰাই পেলাব খোজো। শান্ত শৰতো যেন চঞ্চল অাৰু উচ্ছল হৈ অামাৰ লগত জঁপিয়াই গান গায়। ৰাণী শৰতৰ সকলো অানন্দকে যেন দুৰ্গা পূজাই নিজৰ কৰি লয়। সকলো ৰং উচ্ছলতা অানন্দ অাৰু উচ্ছলতাকে অাঁকোৱালি লৈ লৈ অামাৰ হাতৰ পৰা সুদুৰলৈ জাকে জাকে বেলুনবোৰে উৰি যায়। নি:সীম নীলিমাতে অামাৰ ৰঙৰ অাকাৰ বিলীন হৈ যায়।
এতিয়া অাৰু কেৱল ভক্তি, প্ৰেম, ধৰ্মীয় ভাৱাবেগৰ অাওতাত সীমাবদ্ধ নহয় দুৰ্গা পূজাৰ অনুভুতিক ব্যাপ্তি। বসন্তকালত বাসন্তীৰূপী দুৰ্গাদেৱীৰ পূজা হৈ যোৱাৰ পিছত অাকৌ কিয় শৰৎ কালত দুৰ্গতি নাশিনীৰ অাপমন। এই অকাল বোধনৰো ৰহস্য অাছে। তথাপি পাৰ ভঙা উছাহৰ বন্যাত উটি যায় জনজীৱন। ঘৰে-বাহিৰে কেৱল শাৰদীয় দুৰ্গাৎসৱ ৰং। শাৰদীয় বতৰৰ উন্মাদনা। নতুন কাপোৰৰ গোন্ধত থাকে প্ৰাপ্তিৰ অানন্দ। নিজে লওক বা নলওক সন্তানক নতুন কাপোৰ এযোৰ বজাৰৰ পৰা কিনি দিব পাৰিলেই যেন ধন্য হয় জীৱন। নিজৰ পুত্ৰ-কন্যালৈ চাই অাহ্লাদিত পিতৃ-মাতৃ। সন্তানৰ মুখত সেই অাকাংক্ষিত প্ৰাপ্তিৰ হাঁহি নেদেখিলে ব্যথিত হয় হৃদয়। বানে ধোৱা পথাৰৰ দৰে ৰিক্ত হৈ পৰে বুকু। এনে উছাহ, প্ৰাপ্তিৰ অথবা অ-প্ৰাপ্তিৰ বিষাদৰ কাৰণো প্ৰেম, দুৰ্গাপূজাৰ প্ৰেম।
বসন্তকালত হোৱা দুৰ্গাপূজাক পোন প্ৰথমবাৰৰ বাবে শৰৎ কালত অনুষ্ঠিত কৰাৰ অাঁৰত অাছিল ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰেম, দায়িত্ববোধ অাৰু কতব্যৰ তাড়না। নিজৰ সহধৰ্মিনী সীতাৰ উদ্ধাৰ অাৰু ৰাৱন বধৰ অভিমানৰ বাবে বিৰহত ছাটি-ফুটি কৰিও শৰৎ অহালৈ অপেক্ষা কৰিবলগীয়া হৈছিল ভগৱান শ্ৰীৰামচন্দ্ৰই। নাতিশীতোষ্ণ নিৰ্মল শৰতৰ অাঁচলতে যেন অাছিল ভগৱান ৰামচন্দ্ৰৰ প্ৰাপ্তিৰ প্ৰতিশ্ৰুতি। অভিযানৰ প্ৰাক্ মুহুৰ্তত মহৰ্ষি-মদিনী শক্তিদায়িনী দেৱী দুৰ্গাৰ অাৰ্শীবাদ বিচাৰিয়েই ৰামচন্দ্ৰৰই অায়োজন কৰিছিল শাৰদীয় দুৰ্গাপূজাৰ। তাৰ পিছৰ পৰা চলি থাকিল শাৰদীয় দুৰ্গাপূজা। অাচলতে বসন্তকালত হোৱা দুৰ্গাপূজাক অকালত অাৰু শৰৎ কালত হোৱা দুৰ্গা পূজাক (শাৰদীয় দুৰ্গাপূজা) অকাল বোধন বুলি কোৱা হয়।
উৎসৱ অানন্দ অাৰু শান্তিৰ বতৰা লৈ এইবাৰো অাহিছে শাৰদীয় দুৰ্গাৎসৱ। অামাৰ লগত সুখ-দুখৰ মুহুৰ্তবোৰৰ সৈতে সমভাগী হ'বলৈ। সকলোবোৰ বিষাদ বেদনা অাঁতৰাই অামি উদ্-যাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা। বন্দনা কৰিম দেৱী দুৰ্গা "মা-দেৱী সৰ্বভুতেষু অসুৰৰ অত্যাচাৰ প্ৰতিহত কৰি মৰ্ত্যত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবেই শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক।"
সময় কাৰো বাবেই অপেক্ষা নকৰে ই নদীৰ দৰে চিৰ প্ৰৱহমান। অাজিও অামি চৰম দু:সময়ৰ মাজতো কামনা কৰো শান্তিৰ এক সেউজ বাতাবৰণ। য'ত সকলোৱে মুক্তমনে উদ্-যাপন কৰিব পাৰো শাৰদীয় দুৰ্গাৎসৱ। জীৱনৰ পংকিলতাৰ পৰা অাঁতৰি অাহি নিৰিবিলি পৰিৱেশত কটাব পাৰো এসন্ধা।
শংকৰ জ্যোতি বৰ্মন ,লেখক, কবি, তথা সাংবাদিক ,গামাৰিমুৰী (নলবাৰী)