এমুঠিমান জোনাক চটিয়ালোঁ
তুমি অহাৰ পথত,
চাই ৰ'লো আশাৰে পদুলিৰ মুৰলৈ
পদুলিৰ শেৱালী জোপাই
নিয়ৰৰ পৰশত হাঁহি বিৰিঙালে
হাঁহিবোৰ মুকুতা হৈ জিলিকিল
পূৰ্ণিমাৰ জোনৰ পৰশ পাই দুৱৰিত লাগি,
বুকুতে সাৱতি ল'লো লাগী গাৰুটোকে,
নিশা দুপৰ হ'ল আশাৰে বাট চাই ৰ'লো
নাহিলা তুমি এলাগী কৰি থোৱা
চকুলো খিনি আহি আমনি কৰি গ'ল
ভাগৰুৱা দুচকুত আহি ,
দূৰৈত নিয়তিজনে আহিও উৰুলি দি গ'ল,
দূৰৈত ৰৈ ৰৈ বিনালে বিহংগই নিদ্ৰাৰ আচলত ধৰি
দুই চকুত সানি গ'ল ৰহন
পুৱাল ৰাতি দুচকুত সানি দিলে সূৰুযে পুৱাৰ ৰহন
ৰ'দ মুকুতাবোৰো জয় পৰিল
যেনেদৰে জয় পৰিল মোৰ হৃদয় …
নীলোৎপল শইকীয়া, মাকুম গান্ধীনগৰ তিনিচুকীয়া, অসম
তুমি অহাৰ পথত,
চাই ৰ'লো আশাৰে পদুলিৰ মুৰলৈ
পদুলিৰ শেৱালী জোপাই
নিয়ৰৰ পৰশত হাঁহি বিৰিঙালে
হাঁহিবোৰ মুকুতা হৈ জিলিকিল
পূৰ্ণিমাৰ জোনৰ পৰশ পাই দুৱৰিত লাগি,
বুকুতে সাৱতি ল'লো লাগী গাৰুটোকে,
নিশা দুপৰ হ'ল আশাৰে বাট চাই ৰ'লো
নাহিলা তুমি এলাগী কৰি থোৱা
চকুলো খিনি আহি আমনি কৰি গ'ল
ভাগৰুৱা দুচকুত আহি ,
দূৰৈত নিয়তিজনে আহিও উৰুলি দি গ'ল,
দূৰৈত ৰৈ ৰৈ বিনালে বিহংগই নিদ্ৰাৰ আচলত ধৰি
দুই চকুত সানি গ'ল ৰহন
পুৱাল ৰাতি দুচকুত সানি দিলে সূৰুযে পুৱাৰ ৰহন
ৰ'দ মুকুতাবোৰো জয় পৰিল
যেনেদৰে জয় পৰিল মোৰ হৃদয় …
নীলোৎপল শইকীয়া, মাকুম গান্ধীনগৰ তিনিচুকীয়া, অসম