সন্দিকৈ কলেজৰ মিছ পূৰ্ণিমা চলিহা
পোহৰৰ লেলিহান শিশাৰ দৰে তোমাৰ মিঠা হাঁহি ...!
তোমাৰ এপলক চাৱনিত মুগ্ধ হয় মোৰ বুকুৰ সতেজতা...!
তোমাৰ স্পৰ্শতাত মোৰ শৰীৰ শীতলিত হয় ...!
মোৰ উমাল বুকুত হেজাৰ প্ৰেমৰ ভাষা ...!
কলেজৰ ওচৰৰ ৰিম-জিম ধাবাত বহি
চিঙৰাৰ সোৱাদ লোৱা মনত আছেনে তোমাৰ ...!
হোষ্টেলৰ সন্মুখত বহি তোমালৈ
বাট চাই বহু সময় পৰা কৰোঁ ।
বাধাহীন সময়ে বাট ভেটি ধৰে তুমি অহা বাটত...!
আমনি লাগে তথাপিও নোৱাৰোঁ মনৰ ভিতৰৰ
জুই কুৰা নুমুৱাব।
এনেকৈয়ে বাট চাওঁ তোমালৈ
শেষ হয় বহু সন্ধিয়া শেষ হয় বহু সময় ...!
ওঠত ৰঙা ৰং, কান্ধত নীলা সেই সৰু ধুনীয়া বেগটো ...! বগা ধুনীয়া সাজ যোৰেৰে পূৰ্ণিমা চলিহা সচাই ভাল লাগে তোমাক ।
✍ মনোজ পাটোৱাৰী,উত্তৰ গান্ধীবাৰী,বাকসা