মুখা হ'ল এখনি তিনিমহীয়া ই আলোচনী।প্ৰথম সংখ্যা কিতাপ আকাৰে প্ৰকাশ হ'ল যদিও দ্বিতীয় সংখ্যাৰ পৰা ইন্টাৰনেট মাধ্যমেৰে প্ৰকাশ কৰা হ'ব।মুখা গোষ্ঠীৰ দ্বাৰা এই আলোচনী প্ৰকাশ হয়।

মুখা। শাৰদীয় বিশেষ সংখ্যা |অক্টোবৰ

এই সংখ্যাত প্ৰকাশ পাইছে বহুতো শাৰদীয় বিশেষ আৰু মনোৰম লেখা। পঢ়িবলৈ তলৰ সুচীপত্ৰ চাওক

সম্পাদকীয়ঃঃ ৰাজেশ বৈশ্য

সম্পাদকীয়


মুখা/
তুমি দেখুৱাই দিয়া
সৃষ্টিৰ সাহিত্য
আশাৰ প্ৰদীপ জ্বলাই 
ওলাই আহক
আকৌ এজাক তৰুণ তৰুণী
উজ্বলাই সাহিত্যৰ বন্তি।

অসমী আইৰ বুকুত
সাহিত্যৰ অভাৱ নাই।সাহিত্যৰ এই বিশাল ক্ষেত্ৰখনত এটি সৰু বীজ ৰোপনৰ উদ্দেশ্যৰে ২০১৮বৰ্ষৰ আৰম্ভণীতে মুখা গোষ্ঠীৰ জন্ম দিছিলো।তেতিয়া ই পৰিধি ভাঙি বৈ গৈছিল সমগ্ৰ অসম।অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলক মুখাই এখন সাহিত্য সৃষ্টি তথা প্ৰচাৰৰ মঞ্চ দিছে।সৰু সৰু পৰিকল্পনাৰে অগ্ৰসৰ হোৱা মুখা গোষ্ঠীৰ প্ৰচেষ্টাত মুখাৰ প্ৰথমখন কাব্যালোচনী প্ৰকাশ পাইছিল।তেতিয়াই মুখাক সহযোগ কৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ নবীণ প্ৰবীণ কবিসকলে।তেওঁলোকৰ প্ৰচেষ্টা আৰু সহযোগিতাৰ ফলত আমাৰ প্ৰথমখন কাব্যালোচনী মুখা দ্য ফেচ'' প্ৰকাশ পাইছিল যোৱা জুলাই মাহৰ ২৯তাৰিখে নলবাৰীৰ কৈঠালকুছিস্হিত কামপীঠ মহাবিদ্যালয়ৰ বাকৰিত।অসমৰ প্ৰায় দুকুৰি কবিৰ কবিতা প্ৰথম সংখ্যাত প্ৰকাশ পাইছে।তাৰ পিছত পৰ্যায়ত উজনি নামনিৰ বিভিন্ন প্ৰান্তলৈ ডাকযোগে কাব্যালোচনীখন প্ৰেৰণৰ দিহা কৰিলো।
প্ৰথম সংখ্যাৰ এই সফল যাত্ৰাৰ অন্তত মুখাৰ দ্বিতীয় সংখ্যাৰ কাম আৰম্ভ কৰিলো।মুখাৰ এইবাৰৰ সংখ্যাত চুটিগল্প,অনুভৱ,কবিতা,প্ৰবন্ধ,প্ৰিয় কবিৰ কবিতা ইত্যাদি শিতান সন্নিবিষ্ট কৰা হ'ল। ।মই এইচেগতে ধন্যবাদ জনাব বিছাৰিছো আমাৰ সম্পাদনা কমিটিৰ প্ৰতিজন সদস্যলৈ লগতে এইসংখ্যাৰ ই আলোচনীৰ ৱেবচাইট ডিজাইন কৰা লোচন বৰাক।মুখাৰ এই যাত্ৰা এনেদৰে অব্যাহত থাকক।।তাৰেই কামনাৰে ....
         জয়তু মুখা
                  
                              ৰাজেশ বৈশ্য
                               সম্পাদক,মুখা
Share:

মুখা প্ৰকাশনৰ সভাপতিৰ একলমঃ হৰজিৎ মেধি



"তোমাৰ বুকুতে উজ্বলাম 
  কতজনৰ সৃষ্টিৰ ৰহস্য,
    যি সৃষ্টিয়ে বিয়পাৱ 
    সাহিত্যৰ উদ্দেশ্য।।"


                      নতুন প্ৰাণৰ ন-চকুজুৰিত দিপ্তী ঢালি পুৰণি পৃথিৱীক নতুনকৈ চোৱাৰ মানসেৰে যিসকল মহান পূণ্যাত্মাৰ অক্লান্ত শ্ৰম অাৰু ত্যাগৰ বিনিময়ত ৰোপন হোৱা অসমীয়া সাহিত্য, সংস্কৃতি, সমাজৰ বোধি বৃক্ষডাল ফল-ফুলে জাতিষ্কাৰ কৰা সেই সকল মহান পূণ্যাত্মাৰ প্ৰতি সহস্ৰ প্ৰণিপাত জনালোঁ।মুখা পৰিয়ালৰ সমূহ সদস্য তথা যিসকলে লিখনিৰে মুখা প্ৰকাশৰ ক্ষেত্ৰত সসহযোগতা অাগবঢ়ালে;তেওঁলোকক অান্তৰিক কৃতজ্ঞতা জনালোঁ। লগতে শলাগ যাচিছোঁ অালোচনী খনৰ অনলাইন মাধ্যমত প্ৰকাশত সহায় কৰা লোচন বৰাক বিশেষ ধন্যবাদ জনালোঁ।


                    যিসকলৰ মৰম,স্নেহেৰে "মুখা"ৰ প্ৰথম খণ্ডই সাহিত্যৰ ভোটাতৰা ৰূপত এখোজ নতুনত্বৰ বাট অাগুৱাব সক্ষম হৈছে;তেওঁলোকৰ ওচৰত "মুখা"ৰ সদস্যবৃন্দ চিৰকৃতজ্ঞ হৈ থাকিম।


                 জীৱন সুন্দৰ,বিশাল,বিষাদময়,স্মৃতি-মধুৰ,অানন্দ,নিৰানন্দ এইবোৰ অৰ্থপূৰ্ণ কৰি তোলে সাহিত্যই।সাহিত্যৰ জন্ম অাৱেগত; এই প্ৰাণীজগত অাৱেগেৰে পৰিচালিত হয়।মানৱ জাতিয়ে অকল সাহিত্য বুজিব পাৰে,সাহিত্য সৃষ্টি কৰিব পাৰে।সমাজত চলি থকা এক জীয়া প্ৰতিচ্ছবি অালফুলকৈ তুলি কবিয়ে কবিতাৰ জৰিয়তে,গল্পকাৰে গল্পৰ জৰিয়তে,উপন্যাসিকে উপন্যাসৰ জৰিয়তে সমাজৰ প্ৰতিচ্ছবিবোৰৰ সংবদ্ধ লিখিত ৰূপ দি সাহিত্য ৰচনা কৰে।

   

              প্ৰতিভা সকলোৰে থাকে,প্ৰত্যেক মানুহে জন্মতে নিজা নিজা প্ৰতিভা লগত লৈ অাহে।এই প্ৰতিভাবোৰ বহুতৰে মঞ্চৰ অভাৱত কলিতে মৰহি যায়।"মুখা"ৰ এক মহৎ উদ্দেশ্য হ'ল এচাম নবীন লেখক-লেখিকাৰ সৃষ্টিক লিখিত ৰূপ দিয়া। কোনে  জানে কোনে কেতিয়া ডেউকাত উঠি কোনজন অাগুৱাই যাব পাৰে অনন্ত কাললৈ।গতিকে সকলো নিজৰ মাজত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিভাবোৰক প্ৰকাশ কৰা এখন সুন্দৰ মঞ্চ হ'ল "মুখা"।কিয়নো ক্ষুদ্ৰৰ মাজতে বিশালতা পোৱা যায়।


                 সাম্প্ৰতিক সময়ৰ অসমৰ নবীন লেখক-লেখিকাৰ অনুভৱৰ মাধ্যম,প্ৰাণৰ স্পন্দন "মুখা" এক সম্ভৱনাময় পদক্ষেপ অাৰু জ্ঞান পিপাশুৰ অনুশীলন।"মুখা" এদিন জাকত-জিলিকা সমাজ পোহৰাৰ এক মহান সাহিত্য কেন্দ্ৰ হৈ উঠক -- এইয়া মোৰ অান্তৰিক কামনা।শেষত সকলোৰে সাধনাই অামাৰ সকলোৰে প্ৰাণৰ স্পন্দন "মুখা" অসমীয়া তিনিমহীয়া ই-অালোচনীখন যুগ-যুগান্তৰ হওক তাকে শ্ৰীচৰণত প্ৰণাম জনাই মই সভাপতিৰ মন্তব্য সামৰণি মাৰিছোঁ………


 "সকলোৰে অাৰ্শীবাদ লৈ 
     যাম অামি অাগুৱাই
 ভৱিষ্যত জ্ঞানৰ প্ৰদীপ জ্বলাই
   ৰাখিম মুখাৰ নাম উজ্বলাই।"
Share:

উ: কি জীৱনঃঃ জ্যোতি কুমাৰ দাস





       দুদিনমানৰ পৰা মনটো কিবা ভাল নহয়।চাৰিওফালে যেন হতাশা নিৰাশা গ্লানিৰে ভৰা সাগৰৰ মাজত থকা মই অকলশৰীয়া নাবিক।অপ্ৰাণ চেষ্টা কৰিও যেন জীৱনৰ নাওখন অাগুৱাব পৰা নাই।ক'ৰবাত যেন অাউল লাগিছে।ভাল কাম কৰিব সুবিধা পোৱা নাই অাৰু বেয়া কাম কৰাৰ ইচ্ছা নাই।বি.এ.ত অৰ্থনীতিত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ দুটামান টিউচন কৰি নিজকে পোহপাল দি বুজিছো অাগতে খৰছ কৰা দেউতাৰ পইচাৰ মূল্য কিমান অাছিল? দেউতাই মৰমতে কিনি দিয়া বাইকত এতিয়াও নিজৰ পইচাৰে তেল ভৰাবৰ সামৰ্থ হোৱা নাই।কিমান দিন অাৰু সহ্য কৰিম।চাকৰিৰ পিছত দৌৰি হাৱাথুৰি খাইছো।"উ: কি জীৱন ……" বুলি কৈ সান্তনা লব পাৰো কিছু সময়ৰ বাবে কিন্তু অাকৌ স্বাভাৱিক জীৱন।অাৱেলিৰ সময়।পৰিস্থিতিৰ মাজত নিজকে হেৰুৱাৰ বেদনাই হৃদয়ত বেয়াকৈ অাঘাত কৰি অাছে।সেইবাবে ঘৰৰ বাহিৰলৈ ওলাই গ'লো।ভাৱিলো চ'কৰ পিনে দুই-এজন বন্ধু পাও যদি সুখ দুখৰ কথা অলপ পাতো।ৰাষ্টাৰে গৈ অাছো।সকলো নিজৰ কামত ব্যস্ত।অলপ গৈ দেখিলো এজন বৃদ্ধ মানুহ (প্ৰকৃত বয়স ৫১, দেখাত ৬৫ যেন) হাত এখন নাই।মই তেওক অবজ্ঞা কৰি চাব লৈছিলো মাঠোন।তেনেতে তেও মোৰ হাতখন ধৰি ক'লে "বাবা তুমি মোক অলপ সহায় কৰিব পাৰিবানে ?" মই অবাক হৈ চাই ক্ষন্তেক পিছত ক'লো কওকচোন।তেও ক'লে অাজি ৬মাহ অাগত মোৰ লৰাটোৰ এটা সৰু দুৰ্ঘটনাৰ পিছত ডাক্তৰো ভূল চিকিৎসা কৰিলে নে কিয়ে হ'ল সি এতিয়াও দেহৰ কোনো অংগ লৰচৰ কৰিব নোৱাৰে।তথাপিও চিকিৎসা কৰি অাছিলো।কিন্তু এইবিলাক কথা ভাৱোতে মই কাম লৰা কোম্পানীৰ মেছিনত মোৰ হাতখন কটা গ'ল।কোম্পানীত কাম কৰিব নোৱাৰাৰ বাবে উলিয়াই দিলে।এতিয়া এনেকে যদি কোনোবাই যদি দুই-এটকা দিয়ে চিকিৎসাৰ বাবে……।উত্তৰ দিব পৰা নাই অলপ সময়।তাৰ পিছত হুক-হুকাই কান্দিলো।

 ✍জ্যোতি কুমাৰ দাস 
গাঁও:- নাহিৰা, দক্ষিণ কামৰূপ
Share:

নিষ্পাপ্যঃমণি দত্ত


✍✍ *মণি দত্ত,গুৱাহাটী*


অাৰ্তজনৰ হত্যা
অাইৰ বুকুৰ কলিজা ফালি
ৰক্তৰে ধুৱাব খুজিছে
এই সোণৰ অসম।
সোণৰ অসম!
শুনিবলৈ বৰ ভাল লগা,
কিন্তু, এই দেশৰ ৰাজ্যতে
চলে পিশাচৰ নৰহত্যা।
যাৰ কোনো মমতা, নাই
অাপোন পৰৰ চিন নাই
অাৰু নাই সৰু-বৰ। 
ময়ো এই ৰাজ্যৰ জীয়ৰী 
তথাপিও নোৱাৰো মই
হত্যাকাৰী হ'বলৈ।
ৰক্তপ্ৰিয় প্ৰিয় নহয়
মই শান্তি প্ৰিয়।
সেইয়ে মোৰ যাযাবৰী সখী সকল
বন্ধ কৰো অাহা,
এই হত্যা ধ্বংসলীলা
মচি পেলাও মোৰ দেশৰ কলংক।
অাৰু! অশ্লীল পিশাচৰ প্ৰাণীবোৰ অস্তীত্ব
অাগুৱাই অাহা।

যাওঁ অামি মিলি-জুলি 
এই মাটিৰ মৰম বুকুত লৈ
দেশৰ অাত্মীয়তাক ৰক্ষা কৰো
অামাৰ হৃদয়ৰ শান্তিৰ বাণীৰ।
Share:

অপৰাহ্ণৰ ৰংঃ পৰীক্ষিত কলিতা


সুৰুযৰ 
এজাক ৰঙা ৰ'দ
নদীৰ বুকুলৈ আহিছিল
বুকুত হেঙুলীয়া অপৰাহ্নৰ ৰং।
এজাক চৰাইৰ কিৰিলিত উন্মনা আহতজোপাই 
এফাকি বনঘোষা গাই
নিয়ৰক সাৱটি ললে।
চেচাঁ বতাহজাকত গধূলি নামিছিল,
জঠৰ হৈছিল
সেমেকা ৰাতি।
ফটা কাপোৰৰ ভাঁজে ভাঁজে 
দেওঁ দি নাচি আছে,
এজাক জৰুৱা বতাহে,
এন্ধাৰে কাষ চাপিছিল নিৰৱে।
নিশাৰ এন্ধাৰ ফালি
নিয়ৰ সৰে টোপে টোপে,
প্ৰেমাতুৰৰ দুটি চিঞৰ,
পুণৰ লগ হ'ম
লগ হ'ম পুণৰ।


🖋🖋পৰীক্ষিত কলিতা
বৰজাৰ,নলবাৰী
Share:

এটা সুৰ হৈ বৈ যায়ঃ দ্বীপেন মেনা




এটা সুৰ হৈ বৈ যায় নৈখন
নি: শব্দ সুৰ
প্ৰাণোচ্ছল গতি
জল কলৰৱত প্ৰাণ পাই উঠে
নৈপৰীয়া গাঁও.. শ্যামলিমা উপত্যকা
গাঁওৰ পঁজাবোৰ বন্তি হৈ জ্বলে 
মানুহবোৰৰ বুকুত সূৰ্যমুখী ফুলে
তাতেই উদ্ যাপিত হয়
শৈশৱ কৈশোৰ যৌৱন..

নৈয়ে গঢ়ে
নৈয়ে ভাঙে
সভ্যতা জীৱন শৈলী
মানুহবোৰে যেতিয়া পৰিধি ভাঙে
প্ৰকৃতিৰ উৰ্ব্বৰ বুকুত বৰ্বৰতাৰে চলাই পোষ্টম'ৰ্টেম
ঠিক তেতিয়াই নৈখন হৈ উঠে বিদ্ৰোহী
(নৈখনে) মচি দিয়ে বৰ্ণিল ছবিবোৰ
গাঁও নগৰ পথাৰ পাহাৰ
এখন উকা কেন্ ভাছ হৈ পৰি ৰয়
সেই উপত্যকা

বুকুৱে বুকুৱে জীৱন্ত ঘা লৈ
ঘাঁহে পুন: গজালি মেলালৈ ৰৈ থাকে মানুহবোৰ
এটা সুৰ হৈ বৈ যায় নৈখন..
         

🖋🖋দ্বীপেন মেনা
বেলশৰ, নলবাৰী
Share:

শিশুবোৰে এদিন আকাশ চুব লাগিবঃঃঅংকুৰ বৰা


✍✍অংকুৰ বৰা, যোৰহাট

এৰাবাৰী খনত কণমানি চৰাই এজাকক
কাণি-মুনিকৈ দেখিছিলোঁ
আঁতৰৰ পৰা

চৰাই পোৱালি বোৰৰ গগণ ফলা মাত
ই কি বিড়ম্বনা
ইমান কোমলতাত !

আগলৈ কণমানি শিশু বোৰে
আকাশ চুবলৈ মাটিৰ চৰণে যথেষ্ট
চিলা হৈ উৰিবলৈ সূতা এডালৰ প্ৰয়োজন

কণমানি শিশুবোৰ 
মোৰ আত্মাৰ নিনাদ
কলিজা শীতল পৰা মাত

এদিন ওমলিব লাগিব শিশু বোৰে
নীল আৰ্মষ্ট্ৰংৰ স'তে জোনৰ দেশত
Share:

প্ৰেমৰ বাবে কিছু কথাঃ মিণ্টুল হাজৰিকা



আহা শতাব্দী
আমি নিৰ্জনতাত তিতো

সেউজীয়া বৰষুণজাকত তোমাক নিজৰ কৰি লওঁ

হৃদয়ৰ বিষাদবোৰে আমনি কৰিলে তুমি আহিবা
বিষাদৰ বুকুত মলম সানি দিম প্ৰেমৰ
এসাগৰ প্ৰেম দিম একজলি ভৰায়।

ক্ৰমশ:  বিষাদবোৰ আঁতৰি যাব
তুমি জী উঠিবা তোমাৰ মতে
 মোৰ বাবে

কেৱল তুমি আহা শতাব্দী
আহা নিৰ্জনতাত দুপৰীয়া দুপৰীয়া গোন্ধ বিয়পাবলৈকে

মোৰ বুকুৰ বঁকিয়াদি তুমি গৈ আকাশ পাবা.....

মিণ্টুল হাজৰিকা
হাজো,কামৰূপ জিলা
Share:

শৰতৰ আগমনঃ হিমাদ্ৰী দাস



হৃদয়ৰ উপত্যকাত সোণবৰণীয়া 
পখীৰ সুৰৰ মূৰ্ছনা 
অস্তমিত সূৰুযে দি গ'ল 
অবৰ্ণনীয় এভৰাঁল সুখৰ বতৰা ...

এয়া হেনো শৰত 
আগমনৰ সময় 
দিগন্তৰ সেউজীয়া ৰূপ 
সঁজাল হোৱাৰ সময়

কাচিয়লী ৰ'দৰ হিৰন্ময়ী আভাই
শৰতক আনিছে আদৰণি জনাই

স্নিগ্ধ আঁচল উৰুৱাই 
বতাহৰ সোপানে সোপানে 
শুৱনি লাৱনী খোজে 
লয়লাস ভঙ্গিমাৰে 
নামিছে প্ৰকৃতি ৰাণী
মমতাময়ী ধৰাৰ বুকুলৈ 
সিঁচিবলৈ প্ৰেমৰ সঁচুৱা

শেৱালী জুপিৰ গাভৰু মন
চঞ্চল খিলখিল হাঁহি 
শিহৰিত যৌৱনা দেহ 
কোনোবা প্ৰেমিক কবিৰ 
জীয়া কলিজা ডেই পুৰি যায়

কঁহুৱাৰ শুভ্ৰ বসন 
বতাহৰ ভাজে ভাজে ঢৌ খেলি 
উলাহতে আপোন পাহৰা

মনোমুগ্ধকৰ শাৰদীৰ নিবিড় 
আলিঙ্গনত মৰুদ্যানো জীপাল 

নিয়ৰৰ কনিকাৰ দুবৰিত সহবাস
উজ্বল মুকুতাৰ 
জোনাকীৰ সতে লুকা ভাকু

সেউজ প্ৰকৃতিৰ ৰাগী লগা 
ৰসাল ঘ্ৰাণত
মতলীয়া মোৰ কোমল হৃদয় 

শৰত প্ৰকৃতিৰ এক নিৰ্মল ভাস্কৰ্য
সৌন্দৰ্যৰে জীৱন আলোকিত কৰা 

   ________✍হিমাদ্ৰী দাস 
          সোনাপুৰ , কামৰূপ(ম) অসম
Share:

সমাধিঃ গাম্ভীৰ্য মুদৈ


মোৰ মৃত্যু হ'লে
সমাধি যান্ত্ৰিকতাৰে নাসাজিবা।

মোৰ সমাধিত 
এজোপা মদাৰ ৰুবা আৰু এজোপা এজাৰ।

মদাৰবোৰ যে ফুলিব
সেয়াই মোৰ আনন্দ,
আৰু মদাৰবোৰ যে ৰঙা হ'ব
পৰলোকত সেয়াই মোৰ শান্তি।

এজাৰ জোপাই
তোমাৰ মনৰ বেজাৰ আঁতৰাব
আৰু বেঙুনীয়া এজাৰবোৰে তোমাক আনন্দ দিব।

সমাজখনে বুজিব- 
এজাৰে বেজাৰ  নলগাই
এজাৰ মানে দুখ নহয়, আনন্দ 
আৰু বুজিব ৰঙা মদাৰৰ তাৎপৰ্য।

মোৰ সমাধি সাজিবা
মদাৰ আৰু এজাৰেৰে।
       
              ✒ গাম্ভীৰ্য্য মূদৈ
    গাওঁ: দলপাবাৰী (মূদৈচুক)
     জিলা: লখিমপুৰ, অসম
       9101147461
Share:

সৰা ফুলৰ সুবাসঃ এম ৰইফুল হক


নিজান ৰাতিত
তৰাৰ তিৰবিৰনিত
জিলিকি উঠিছা তুমি |

হৃদয়খন যোৰা দি
দুখত ভৰ দি তৃপ্তিৰ বাসনাত
এটি দুটি পল চাইছো জুমি জুমি |

তোমাৰ লাৱণ্য কলি
সতেজ কুমলীয়া দুটি পাঁহি
গোন্ধত যেন সদৃশ মৃগনাভি |

যোৰা দিয়া হৃদয়ত
শিহৰণৰ ধাৰাষাৰ বৃষ্টি
মাথো তোমাৰ স্পৰ্শ লভি |

আলিংগন দুটি প্ৰানৰ
ইতিহাস যেন প্ৰতিক্ষন
তৃপ্তিত বিভোৰ সাঁতুৰি নাদুৰি |

    এম ৰইফুল হক
বদনী আখিয়া, মুকালমুৱা
Share:

আহিনে ৰং চায় ৰাতিৰ আন্ধাৰতঃপূৱালী গগৈ,নামৰূপ




✍✍ পূবালী গগৈ, নামৰূপ 


 শেৱালিৰ সুগন্ধিত মচগোল সেমেকা
 চোতাল ঘৰ মোৰ চোতাল শুৱনি 
অভিমানী দুৱৰিৰ বোকোচাত উঠি 
নিয়ঁৰে মাদল বজায় ,                               
নাচে ঠেৰো গেৰোকৈ দুৱৰীয়ে
 থিয় হব খোজোতেই নিয়ঁৰে কান্ধত ওলমি কয় 
 " ৰাতি ৰাতি ওমলিম তোৰ সতে 
জোকাম তোৰ লাহি পাহি দেহাটি মন গলে
 বোকোচাত উঠিম মন গলে মুকুতা হৈ জিলিকিম 
মন গলে খহি পৰিম নিজম চোতালত । 
" মুখ ওফোন্দাই বহি থাকে অভিমানী 
দুৱৰি বায়ে পিছে প্ৰভাতে ঠেহ ভাঙে প্ৰতিদিনে ।
Share:

মাঃ সাগৰিকা দাস






✍✍ সাগৰিকা দাস, ওদালগুৰি




"মা"- এটা মাথো অাখৰ 
কিন্তু, ইয়াতে নিহিত হৈ অাছে 
পৃথিৱীৰ সমস্ত অাৱেগ অাৰু অনুভূতি। 
 যাৰ অাঁচলৰ ছাঁয়াত সমস্ত ক্লান্তি দূৰ হয়;
 যাৰ স্পৰ্শই পাহৰাই দিয়ে সমস্ত দুখ-যন্ত্ৰণা;
 যাৰ মুখখনে উৎসাহ যোগায় 
সফলতা অৰ্জন কৰাৰ। 
 যিয়ে সকলো ধৰণৰ দুখ-কষ্ট সহ্য কৰি 
মোক সুখত ৰাখিছে।
 পৰিয়ালৰ সকলোৰে দুখ-কষ্ট নিজে মুৰ-পাতি
 লৈছে অাচৰিত শক্তিৰ অধিকাৰী এই গৰাকী নাৰী। 
 কেনেকৈ পাইছো তুমি এই অদ্ভুত শক্তি মা ???
Share:

শাৰদী ৰাণীঃ হীৰক জ্যোতি ডেকা





✍✍ হীৰক জ্যোতি ডেকা 

 শাৰদী ৰাণীৰ অাগমন ফুলিছে কহুৱা খাগৰি,
 নিয়ৰ সৰা মধু নিশা ফুলিছে ডালভৰি শেৱালী।
 পোহৰ হৈ জোনাকীয়ে লৈ অাহিছে বহু বাতৰি, 
 সৰগৰ এজাক পৰীয়ে বুকুতে খেলিলে ধেমালি। 
 খৰশ্ৰোতা হৈ বাঢ়িছে নৈ নিজৰাৰ পানী, 
 লহপহিয়া হৈ হালিছে পথাৰৰ সেউজীয়া ধাননি। 
 জোনাকৰ পোহৰৰ সিঁচে প্ৰতিটো নিশা মায়াৰ জাল
 মলয়াৰ ঢৌত ভাহি অহা সুগন্ধিয়ে হিয়া কৰে উমাল।
Share:

সুত্ৰঃ মিন্টুল হাজৰিকা



মিণ্টুল হাজৰিকা 


 বৰশীৰ টোপত সময়ৰ পৰিসীমা উলিওৱা 
সূত্ৰ এতিয়া দুপৰীয়া কেই গজ দূৰত ৰাতিপুৱাটো আছিল? 
আবেলিটোলৈ আৰু কিমান যোজন বাট! 
 মাটিৰ কটাৰ পানী শীতল মাছবোৰ নমৰে,
জী থাকে জী থাকে গধূলিৰ বজাৰ আধাসেৰ 
চাউলত ছটা প্ৰাণী বাঁহৰ চাঙত হাঁড় কঁপায়৷ 
 এক চিংগোল চাহৰ গিলাচত এন্ধাৰক বন্ধকীত থৈ
 কেৰাহীত পানী চটিয়াই চুবুৰীয়াক সৰিয়হৰ উমান দিয়ে 
 ডিঙিলৈকে তিতে ভোকৰ বিলখনত 
 তথাপিও হাঁহে শুকান মুখত! 


 বিঃদ্ৰঃ 'কটা' হ’ল এবিধ মাটিৰ পাত্ৰ৷মাছমৰীয়াসকলে এই পাত্ৰত মাছ জীয়াই ৰাখে৷
Share:

উঃ কি জীৱনঃ জ্যোতি কুমাৰ দাস






দুদিনমানৰ পৰা মনটো কিবা ভাল নহয়।চাৰিওফালে যেন হতাশা নিৰাশা গ্লানিৰে ভৰা সাগৰৰ মাজত থকা মই অকলশৰীয়া নাবিক।অপ্ৰাণ চেষ্টা কৰিও যেন জীৱনৰ নাওখন অাগুৱাব পৰা নাই।ক'ৰবাত যেন অাউল লাগিছে।ভাল কাম কৰিব সুবিধা পোৱা নাই অাৰু বেয়া কাম কৰাৰ ইচ্ছা নাই।বি.এ.ত অৰ্থনীতিত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ দুটামান টিউচন কৰি নিজকে পোহপাল দি বুজিছো অাগতে খৰছ কৰা দেউতাৰ পইচাৰ মূল্য কিমান অাছিল? দেউতাই মৰমতে কিনি দিয়া বাইকত এতিয়াও নিজৰ পইচাৰে তেল ভৰাবৰ সামৰ্থ হোৱা নাই।কিমান দিন অাৰু সহ্য কৰিম।চাকৰিৰ পিছত দৌৰি হাৱাথুৰি খাইছো।"উ: কি জীৱন ……" বুলি কৈ সান্তনা লব পাৰো কিছু সময়ৰ বাবে কিন্তু অাকৌ স্বাভাৱিক জীৱন।অাৱেলিৰ সময়।পৰিস্থিতিৰ মাজত নিজকে হেৰুৱাৰ বেদনাই হৃদয়ত বেয়াকৈ অাঘাত কৰি অাছে।সেইবাবে ঘৰৰ বাহিৰলৈ ওলাই গ'লো।ভাৱিলো চ'কৰ পিনে দুই-এজন বন্ধু পাও যদি সুখ দুখৰ কথা অলপ পাতো।ৰাষ্টাৰে গৈ অাছো।সকলো নিজৰ কামত ব্যস্ত।অলপ গৈ দেখিলো এজন বৃদ্ধ মানুহ (প্ৰকৃত বয়স ৫১, দেখাত ৬৫ যেন) হাত এখন নাই।মই তেওক অবজ্ঞা কৰি চাব লৈছিলো মাঠোন।তেনেতে তেও মোৰ হাতখন ধৰি ক'লে "বাবা তুমি মোক অলপ সহায় কৰিব পাৰিবানে ?" মই অবাক হৈ চাই ক্ষন্তেক পিছত ক'লো কওকচোন।তেও ক'লে অাজি ৬মাহ অাগত মোৰ লৰাটোৰ এটা সৰু দুৰ্ঘটনাৰ পিছত ডাক্তৰো ভূল চিকিৎসা কৰিলে নে কিয়ে হ'ল সি এতিয়াও দেহৰ কোনো অংগ লৰচৰ কৰিব নোৱাৰে।তথাপিও চিকিৎসা কৰি অাছিলো।কিন্তু এইবিলাক কথা ভাৱোতে মই কাম লৰা কোম্পানীৰ মেছিনত মোৰ হাতখন কটা গ'ল।কোম্পানীত কাম কৰিব নোৱাৰাৰ বাবে উলিয়াই দিলে।এতিয়া এনেকে যদি কোনোবাই যদি দুই-এটকা দিয়ে চিকিৎসাৰ বাবে……।উত্তৰ দিব পৰা নাই অলপ সময়।তাৰ পিছত হুক-হুকাই কান্দিলো। 

        ✍জ্যোতি কুমাৰ দাস ,গাঁও:- নাহিৰা, দক্ষিণ কামৰূপ
Share:

শেৱালি ফুলৰ গোন্ধৰে আহিছে শাৰদীয় দুৰ্গোৎসৱঃশংকৰজ্যোতি বৰ্মন

     



      ঋতু অাহে ঋতু যায়। এয়া প্ৰকৃতিৰ নিয়ম। অাহিনৰ মাজেদি শেৱালি ফুলৰ বাটেদি অাহিছে শৰৎ লগত অানিছে নিৰ্মল অাকাশৰ স্বচ্ছতা অাৰু অানন্দৰ অনাবিল সঁফুৰা। শেৱালি ফুলৰ গোন্ধেই সকলোৰে মনৰ কলুষিতা অাঁতৰাই এক নিকা পৰিৱেশৰ সৃষ্টি কৰে। হৃদয়ৰ ভাৱনাত সৃষ্টি হয় প্ৰেমৰ অনুৰণন। সকলোৰে মাজত বিনিময় হয় মৰম-ভালপোৱা সুগন্ধি সুবাস। প্ৰাণ প্ৰাচুৰ্য্যৰ উপচি পৰা প্ৰতিটো ৰাতিপুৱাই অামাৰ সকলোৰে বাবে কঢ়িয়াই অানে এটি কৰ্মময় দিনৰ সম্ভাৱনা।         

   অাহিন মাহত শৰতৰ অাঁচলত ধৰিয়ে অাহিছে শাৰদীয় দুৰ্গাৎসৱ। উদ্বেলিত জনগণৰ ভক্তিৰস উৎসৱৰ ৰং অাৰু অাহে শাৰদীয় বতৰৰ প্ৰেমময় অনুভৱবোৰ সুৰ্তমান দুৰ্গাৎসৱ। অামাৰ বছৰটোৰ প্ৰায় ভাগ সময়তেই চলি থাকে বিভিন্ন ধৰণৰ পূজা। বাৰটা মাহত তেৰটা উৎসৱ। তথাপি পূজা বুলি ক'লে, উৎসৱৰ নাম ল'লে অামাৰ বহুতৰ মনত প্ৰথমেই অাহে শাৰদীয় দুৰ্গাপূজা। সেইবাবে শাৰদীয় দুৰ্গাপূজাৰ সংক্ষিপ্ত নাম হ'ল পূজা। শেৱালিৰ ফুলৰ সুৱাস নাকলৈ অাহিলেই, পথাৰত কঁহুৱা ফুলা দেখিলেই বহুতে কয় পূজা অাহিল। অাৰম্ভ হ'ল মধুৰ প্ৰতীক্ষা। এনে প্ৰতীক্ষাৰ কাৰণ  হ'ল শাৰদীয় দুৰ্গাপূজা।  
               ঋতুৰ ৰাণী হ'ল শৰৎ। সকলো ঋতুৰে কিছুমান নিজা বৈশিষ্ট্য অাছে। নিজৰ বৈশিষ্ট্য সমূহৰ মাজেৰে ঋতুবোৰৰ প্ৰকৃতি চলি থাকে। ঋতুবোৰক অামি নিজৰ নামেৰে মাতো। নিজৰ কৰি ল'বলৈ অামাৰ সাজেৰে সাজি লওঁ। অামি ৰাণী শৰতক সজাওঁ। শৰৎ অামাৰ বাবে হৈ পৰে ৰং উৎসৱৰ ঋতু। শৰতক অামি সকলোৱে ভাল পাওঁ। শৰৎ অাহিলে অামাৰ সকলোৰে মনলৈ অাহে শাৰদীয় শৰতৰ সকলো ৰঙকে নিষ্প্ৰভ কৰি অামাৰ অালোক মালা। শৰতৰ সকলো শব্দকে চেৰ পেলাই গুঞ্জৰি উঠে স্ততি অাৰু কুশল প্ৰাৰ্থনা। অামাৰ উচ্ছল অানন্দ অাৰু উন্মাদনাই নি:শেষ কৰি পেলায়, শৰতৰ সমাহিত মুখৰ কোমলতা। শৰতক অামি উচ্ছল অানন্দেৰে যেন বুৰাই পেলাব খোজো। শান্ত শৰতো যেন চঞ্চল অাৰু উচ্ছল হৈ অামাৰ লগত জঁপিয়াই গান গায়। ৰাণী শৰতৰ সকলো অানন্দকে যেন দুৰ্গা পূজাই নিজৰ কৰি লয়। সকলো ৰং উচ্ছলতা অানন্দ অাৰু উচ্ছলতাকে অাঁকোৱালি লৈ লৈ অামাৰ হাতৰ পৰা সুদুৰলৈ জাকে জাকে বেলুনবোৰে উৰি যায়। নি:সীম নীলিমাতে অামাৰ ৰঙৰ অাকাৰ বিলীন হৈ যায়।  
           এতিয়া অাৰু কেৱল ভক্তি, প্ৰেম, ধৰ্মীয় ভাৱাবেগৰ অাওতাত সীমাবদ্ধ নহয় দুৰ্গা পূজাৰ অনুভুতিক ব্যাপ্তি। বসন্তকালত বাসন্তীৰূপী দুৰ্গাদেৱীৰ পূজা হৈ যোৱাৰ পিছত অাকৌ কিয় শৰৎ কালত দুৰ্গতি নাশিনীৰ অাপমন। এই অকাল বোধনৰো ৰহস্য অাছে। তথাপি পাৰ ভঙা উছাহৰ বন্যাত উটি যায় জনজীৱন। ঘৰে-বাহিৰে কেৱল শাৰদীয় দুৰ্গাৎসৱ ৰং। শাৰদীয় বতৰৰ উন্মাদনা। নতুন কাপোৰৰ গোন্ধত থাকে প্ৰাপ্তিৰ অানন্দ। নিজে লওক বা নলওক সন্তানক নতুন কাপোৰ এযোৰ  বজাৰৰ পৰা কিনি দিব পাৰিলেই যেন ধন্য হয় জীৱন। নিজৰ পুত্ৰ-কন্যালৈ চাই অাহ্লাদিত পিতৃ-মাতৃ। সন্তানৰ মুখত সেই অাকাংক্ষিত প্ৰাপ্তিৰ হাঁহি নেদেখিলে ব্যথিত হয় হৃদয়। বানে ধোৱা পথাৰৰ দৰে ৰিক্ত হৈ পৰে বুকু। এনে উছাহ, প্ৰাপ্তিৰ অথবা অ-প্ৰাপ্তিৰ বিষাদৰ কাৰণো প্ৰেম, দুৰ্গাপূজাৰ প্ৰেম।    
                       বসন্তকালত হোৱা দুৰ্গাপূজাক পোন প্ৰথমবাৰৰ বাবে শৰৎ কালত অনুষ্ঠিত কৰাৰ অাঁৰত অাছিল ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰেম, দায়িত্ববোধ অাৰু কতব্যৰ তাড়না। নিজৰ সহধৰ্মিনী সীতাৰ উদ্ধাৰ অাৰু ৰাৱন বধৰ অভিমানৰ বাবে বিৰহত ছাটি-ফুটি কৰিও শৰৎ অহালৈ অপেক্ষা কৰিবলগীয়া হৈছিল ভগৱান শ্ৰীৰামচন্দ্ৰই। নাতিশীতোষ্ণ নিৰ্মল শৰতৰ অাঁচলতে যেন অাছিল ভগৱান ৰামচন্দ্ৰৰ প্ৰাপ্তিৰ প্ৰতিশ্ৰুতি। অভিযানৰ প্ৰাক্ মুহুৰ্তত মহৰ্ষি-মদিনী শক্তিদায়িনী দেৱী দুৰ্গাৰ অাৰ্শীবাদ বিচাৰিয়েই ৰামচন্দ্ৰৰই অায়োজন কৰিছিল শাৰদীয় দুৰ্গাপূজাৰ। তাৰ পিছৰ পৰা চলি থাকিল শাৰদীয় দুৰ্গাপূজা। অাচলতে বসন্তকালত হোৱা দুৰ্গাপূজাক  অকালত অাৰু শৰৎ কালত হোৱা দুৰ্গা পূজাক (শাৰদীয় দুৰ্গাপূজা) অকাল বোধন বুলি কোৱা হয়।       
         উৎসৱ অানন্দ অাৰু শান্তিৰ বতৰা লৈ এইবাৰো অাহিছে শাৰদীয় দুৰ্গাৎসৱ। অামাৰ লগত সুখ-দুখৰ মুহুৰ্তবোৰৰ সৈতে সমভাগী হ'বলৈ। সকলোবোৰ বিষাদ বেদনা অাঁতৰাই অামি উদ্-যাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা। বন্দনা কৰিম দেৱী দুৰ্গা "মা-দেৱী সৰ্বভুতেষু অসুৰৰ অত্যাচাৰ প্ৰতিহত কৰি মৰ্ত্যত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবেই শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক।"   
            সময় কাৰো বাবেই অপেক্ষা নকৰে ই নদীৰ দৰে চিৰ প্ৰৱহমান। অাজিও অামি চৰম দু:সময়ৰ মাজতো কামনা কৰো শান্তিৰ এক সেউজ বাতাবৰণ। য'ত সকলোৱে মুক্তমনে উদ্-যাপন কৰিব পাৰো শাৰদীয় দুৰ্গাৎসৱ। জীৱনৰ পংকিলতাৰ পৰা অাঁতৰি অাহি নিৰিবিলি পৰিৱেশত কটাব পাৰো এসন্ধা।         




   শংকৰ জ্যোতি বৰ্মন ,লেখক, কবি, তথা সাংবাদিক  ,গামাৰিমুৰী (নলবাৰী)
Share:

বান শিবিৰত জোনালীঃ শিল্পীকা ৰাজগুৰু







✍✍ শিল্পীকা ৰাজগুৰু,
জয়সাগৰ, ঠাকুৰপাৰা,
 জিলা:-শিৱসাগৰ


চকুৰ পছাৰতে উছন হৈ গ'ল মাটি-ভেটিৰ লগতে পৰিয়াল বোৰো। তীব্ৰবেগী ব্ৰহ্মাস্ত্ৰৰ দৰে বাঢ়ি অহা বাঢ়নী পানীয়ে ক্ষন্তেকতে বুৰাই পেলালে সোণতলী গাওঁখনি। সন্ত্ৰাস সৃষ্টিকাৰী বানে নেমানে জাতি-কুল। ক্ষুধাতুৰ নৰখাদকৰ দৰে গো গ্ৰাসে গিলি পেলালে ঘৰ-বাৰীবোৰ। ইতিহাসৰ পৃষ্ঠাৰ মহেঞ্জোদাৰো সংস্কৃতি পানীৰ তলত নি:শেষ হোৱাৰ দৰে সোণতলী গাওঁখনিৰো চিন-মোকাম সমুলঞ্চে হেৰাই যোৱাৰ পৰতে চুলাইঘাটিৰ দুই পানীৰাম নলিয়া অাৰু ৰূপায়ে নাও লৈ ভটিয়াই অাহিছে। বানৰ অশান্ত তাণ্ডৱ দেখি সিহঁতৰ পুৰণিকলীয়া নিছাও নিমিষতে ফাটিল। দুয়োটাই পাৰ্যমানে ঘোলা পানীত উটি অহা গছৰ মূঢ়া,গৰু-গাই,হাঁহ-কুকুৰা,টালি-টোপোলাকে ধৰি সৰু সৰু শিশু দুটামানো নাঁৱতে লৈ অানিছে। ইফালে অবিৰামভাৱে সাঁতুৰি সাঁতুৰি অৱশ হৈ পৰা জোনালীয়ে হঠাতে দূৰৈত মনিচুনি বেলিকা অাশাৰ ঢিমিক-ঢামাক পোহৰৰ লঠন এটি দেখি 'নোৱাৰ ঐশ্বৰিক নাওখনি' অাহিছে বুলি সেপ ঢুকিছে। ৰূপায়ে গছৰ ঠালটোতে সাৱতি থকা জোনালীক নাৱতে তুলি ল'লে। অাই-পিতাইৰ অকামিলা বাৰ্ধক্য জৰ্জৰিত শৰীৰ দুটিও কিজানি ইতিমধ্যে মাছৰ পেটতে সোমাল। বিষাদ মনেৰে তাই এন্ধাৰ বুলীয়া নদীৰ পানীখিনিলৈ জুমি চালে। 'মৃতদেহৰ কোনো শুংসূত্ৰই নাই' !

                  'অাই-পিতায়ে সাঁতুৰিব নোৱাৰিলে' তাই এক সুগভীৰ হুমুনিয়াহ কাঢ়ে।


                'অামাৰোচোন ল'ৰা-তিৰী বানৰ পেটত সোমাল' নাৱৰ টিঙত থিয় ৰোৱা ৰূপায়ে গম্ভীৰতাৰে কয়।তোৰ চকুহাল তেজৰঙা। তাইৰ নিচিনাকৈ ওৰো কিজানি চকুচলাবোৰ গোট মাৰিলে। ওচৰৰে কোঁৱৰপুৰ,অামগুৰি,পানবেচা অাদি গাঁওবোৰ বানে বিধ্বস্ত কৰিলেও সোণতলীৰ সোণগুটিৰ ভৰত  দোঁ খাই পৰা পথাৰ-বাৰী সদায়ে সোণোৱালী অাছিল। কিন্ত কণা বিধাতাই গঁঞাৰ সুখৰ কাল সৰহ সময় চাব নোৱাৰিলে। একেজাক দবাপিটা বৰষুণেই কাল হ'ল।অাচম্বিতেই নিশ্চিহ্নতাৰ গৰাহত বিলুপ্ত হৈ গ'ল সোণতলীছিগা।

                  দুৰাতি নাঁৱতে উজাই অহাৰ পাছত চাপৰি যেন ঠাই এটুকুৰাত এটি সৰু স্কুলঘৰ দেখি নালীয়াই নাও চপালে।সেইটো এটা অাশ্ৰয় শিবিৰ। নামফলকখনৰ অৱস্থাও তথৈবচ।ফলকখনৰ মাজতে বিভক্ত হৈ ওলমি ৰৈছে।ঘৰটোৰ বাহিৰে-ভিতৰে গুড়ি পৰুৱাৰ লানি নিছিগাৰ দৰে বানপীড়িত জনতাৰ বিশাল জনস্ৰোত। মামৰে ধৰি কাজলা বৰণ লোৱা ফুটা ওলোৱা টিনপাত অাৰু হাফ ওৱালৰ দুকোঠলীয়া স্কুলঘৰ। বাৰাণ্ডা বুলিবলৈ ৰঙামাটিৰ শেলুৱৈ ধৰা ঠেক পিৰালিটো।ঘৰটোৰ মাটিৰ মজিয়াখনো জেকা।ঠায়ে ঠায়ে ভেঁকুৰে বগা চামনি বান্ধিছে।বেছিকৈ মজিয়াত পানী জমা গাঁতবোৰত মুগা-ৰঙচুৱা কাঠফুলাবোৰ লহপহকৈ গজিছে।প্ৰথম কোঠাটোত ডাঙৰ চৌকা এটা।শৌচ-প্ৰস্ৰাৱৰ বাবেও কোনেধৰণৰ সু-ব্যৱস্থা চকুত নপৰিল।ধুলি-মাকতিয়ে কৰাল বন্ধা চৌকাটোও নুমুওৱা।মানুহগালে ভোকতে ধৰফৰাইছে।কদো-বৰলে কামোৰাৰ দৰে দেহত অসংখ্য ক'লা ক'লা বসন্তৰ দাগেৰে ভৰপূৰ নাঙঠ শিশুবোৰে পুৰণি মলঙা অাটাগুড়ি এসোপা হাতেৰে মুঠিয়াই গলিয়াইছে।হাত-ভৰি ফুলা,কলেৰা-গ্ৰহণী,মেলেৰিয়া-জণ্ডিচত ভোগা ৰোগীবোৰে চিকিৎসাৰ অভাৱত কৰুণভাৱে কেঁকাইছে। জোনালীয়েও কপালৰ লিখন বুলিয়েই কৰ্দযখানাৰ প্ৰথম কোঠাটোলৈয়ে খোজ দিয়ে।পানীয়ে ডিঙিলৈকে সোপা মাৰি ধৰা মুহুৰ্ত্তত মাকে দঢ়াই দঢ়াই কৈছিল যে মূৰৰ ওপৰেৰে সহস্ৰ কোটি যন্ত্ৰণাৰ ধুমুহা বালিলেও শিপাডাল খামুচি তাই বটবৃক্ষজোপা হৈ অলৰ-অচৰ হ'ব লাগিব।চকুৰ পাহি দুটা চিৰদিনলৈ জাপ খাঁওতে তায়ো প্ৰতিজ্ঞাবদ্ধ হৈছিল যে,  'নমৰাপৰ্যন্ত তাই যিকোনো পৰিস্থিতিতে জীয়াই থাকিব' ! 
  
            দুৰ্বল শৰীৰটোৱে অাৰু এখোজ অাগুৱাব নোৱাৰি কোঠাটোৰ অাধাভঙা দৰ্জাখনৰ চুকতে তাই হাওলি পৰিল।যেন নিয়তিয়ে তাইৰ হাত-ভৰি কটকটীয়াকৈ শিকলিৰ  বান্ধি গতিয়াই দিলে এই দুৰ্ধৰ্ষ পুতীগন্ধীময় কাৰগাৰটোলৈ।চৌদিশে কেৱল হতভাগিনী তিৰোতাবোৰৰ বুকু চপৰিওৱা ৰাওচি জুৰা ক্ৰন্দন অাৰু লঘোণীয়া শিশুবোৰৰ হাই-উৰুমি।কোনোমতে সোলোক ধোলোক খোজেৰে ঘূৰি ফুৰা মানুহসকলে এটা কোঠাত ৰিলিফৰ পচা চাউল সিজাই খায় অাৰু অানটোত ওৰেটো দিন কলমতিয়াই ফুৰা অস্থি-চৰ্মসাৰ শৰীৰবোৰে ইটোৰ ওপৰত সিটো জপতিয়াই টোপনিত লালকাল দিয়ে। সকলোৰে শুকান মৰাপাট হেন জুটুলা-কুটুলা চুলি,তাতে মলিয়ন ঘৰ্মাক্ত দেহৰ ভেকেটা-ভেকেট দুৰ্গন্ধত তাইৰ উশাহ বন্ধ হ'বৰ উপক্ৰম হয়। তিনিটা দিন সম্পূৰ্ণ খালী পেটে কটোৱাৰ ফলত চতুৰ্থদিনা ৰাতিপুৱাই পেটতো দুহাতেৰে খামুচি পাছফালৰ পানীতে তাই হলহলাই বতিয়াই।

            'পানী ঘটি পি লোৱাচোন তুমি'
পাছফালৰ পৰা ভাহি এক মিঠা নাৰীকণ্ঠ।তাইৰ সমবয়সৰেই বাগানৰ লেবাৰ লাইনৰ ছোৱালী এজনীয়ে পানী এঘটি অাগবঢ়াই দিয়ে ।

           'ভগৱন্তৰ ইচ্ছা অৱিহনে অামি মৰিবও নোৱাৰো'

         ছোৱালীজনীৰ বৃদ্ধা মাতৃয়ে এচলু পানী হাতত লৈ জোনালীৰ তালুত অালফুলে ঘঁহে।লেবাৰ ছোৱালীজনীয়ে তাইৰ হাতত ধৰি গছকি অলপদূৰ গৈ বাঁহনি এডৰাৰ মাজতে এটি নীলা ত্ৰিপালেৰে ঢকা প্ৰস্ৰাৱগাৰ দেখুৱাই সেইটো হেনো অান কোনেও নাই লক্ষ্য নাই কৰা।বহু যাতনাৰ পাছত শৌচ-প্ৰস্ৰাৱৰ বাবে সুচল ব্যৱস্থা পাতি দেখি তাইৰ সৰগ হাততে ঢুকি পালে। বাগানীয়া ছোৱালীজনীৰ নাম চম্পা। চম্পাই তাইক থৈলাৰ সৰু মোনাটোৰ পৰা অাধা লেৰেলা জাহাজীকল দুটা খাবলৈ  দিয়ে।সময়ৰ লগে লগে জোনালীও অাভ্যস্ত হৈছিল কৰ্দয্য পৰিৱেশটোৰ সৈতে খাপ খাই চলাত।শিবিৰৰ পঁচা ভাত অাৰু কঁচু-ঢেঁকীয়াৰ পানীয়েই হৈ পৰিছিল সিহঁতৰ জীয়াই থকাৰ উৎস।

        তাৰ মাজতে কেতিয়াবা তিনিখনমান ক'লাগাড়ী বিকট হৰ্ণ মাৰি বাহিৰতে ৰয়। গৰপ গৰপ খোজেৰে চৰকাৰী সাহাৰ্য্য-দাতা নে সংগঠনৰ মানুহ পাঁচ-ছয়জনমান অাহি কাগজৰ ঠোঙাত ৰিলিফলৈ পঁচা চাউল তিনি-চাৰি কেজিমান, বিস্কুট চাৰি পেকেটমান অাৰু লেৰেলা অালু পিয়াজ এপোৱামান লৈ অানে। চম্পাই কোৱামতে সিহত চৰকাৰী মানুহ।বান সাহাৰ্য্য শৰণাথীসকলক সময়মতে যোগান ধৰাই কাম। কেতিয়াবা বাহিৰতে চকী-বেঞ্চ পাৰি কেম্পো পাতে। তেতিয়া ফটা অাঠুৱা,অাইৰণ-ভিটামিনৰ ফাইল টেবলেট,দুই-এপেকেট চেনিটেৰী নেপকিন অাৰু এবেগেতমান জোঘৰ সৰু সৰু ফলৰ ৰসৰ বটল দিৰ্ভগীয়া লোকসকলৰ মাজত বিলায়। ৰাজ্য চৰকাৰে বান সাহাৰ্য্যৰ নামত প্ৰদান কৰা কোটি কোটি টকা ইহঁতে নিজা অভীষ্ট পূৰণৰ বাবে অাত্মসাৎ কৰে। তাৰ পৰিৱৰ্তে এই  গেলা-পচা বস্তুবোৰ একেবাৰে নূন্যতম মূল্যৰে ক্ৰয় কৰি বিলায় শিবিৰে শিবিৰে।বস্তুবোৰ বিলাবলৈ তেনেতে গাড়ী এখন অাহে। হটঙা মানুহকিটাই গেলা-পচা চাউল অলপ বিলায়।গোটেই বস্তুবোৰ বিতৰণৰ শেষত পেটুৱা মানুহ এটাই বজাৰৰ সামগ্ৰী চোৱাৰ দৰে লুভীয়া দৃষ্টিৰে চায় জোনালীৰ যৌৱনা দেহাটো।

          'এই দুপেকেট চেম্পু লোৱা'
সি চেম্পু পেকেট দুটা চাৰ্টৰ জেপৰ পৰা সাউৎকাৰে উলিয়াই তাইৰ হাতত গুজি দিয়ে।প্ৰত্যংগৰ ব্যৱসায়ৰ ৰমৰমীয়া বজাৰ। দেহৰ লিভাৰ, কিডনী, হাঁওফাঁও, ৰাজহাড় অাদিবোৰ হেনো ব্যৱসায়ীৰ হাতত বহু টকা মূল্যত বিক্ৰী কৰে।সিহত হত্যা ধৰ্ষণজনিত পাপকাৰ্য্যটো সিদ্ধহস্ত। নাৰীদেহ চালান দিয়ে নানা দেশ-বিদেশলৈ। টকাৰ বাণ্ডিলবোৰ মনে মনে গণে। দুমাহ পূৰ্বে ৰঘু ৰিক্সাৱালাৰ তিনিজনী গাভৰু ছোৱালী তেনেদৰে নিৰুদ্দেশ হোৱাৰ পাছত অাজিলৈকে ছোৱালীকেইজনীৰ ছাঁটো দেখিবলৈ নাই। বুকু কঁপি উঠিল জোনালীৰ।তেনেতে এদিন ভুতৰ ওপৰত দানহ ওলোৱাৰ দৰে ক'লা স্ক'ৰপিঅ' দুখনে বিকট শব্দৰে পদূলিত ৰয়। চম্পাই প্ৰাণৰ মমতাত ভিৰাই লৰ মাৰে। বুটজোতাৰ খোজেৰে মজিয়া কঁপাই তোলা শব্দৰে চিকাৰী দলটো সদলবলে সোমাই অাহে। এটা নৰপিশাচে পিৰালিতে ৰোৱা জোনালীৰ বাউসীতে চিলনীৰ দৰে থাপ মাৰি ধৰে।

            'একদম টাটকা মাল, চাহাব অাপোনাৰ তাল' মুখত ক'লা কাপোৰ বন্ধা নৰপিশাচটোৱে ফোনটে কয়।কথাৰ মাজতে সি কপতীয়া হাঁহিৰে জোনালীৰ সব শৰীৰটো বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলোৱাৰ দৰে খুঁটি-নাতি মাৰি চায়। সিহঁতে চম্পাকো ধৰি অানে। তাই চিঞৰত গগণ ফালে। বেচেৰীয়ে দেৱী পূজাত বলি দিবলৈ ৰখা পঠাটোৰ দৰে হাত-ভৰি অাঁচাৰিবলৈ ধৰে।

      'তোক বেচ দামতে কিনিব, বিদেশত ৰাণীৰ দৰে থাকিবি, সি তাইৰ ফালে চায়'
      'অাপোনাৰ মা-ভন্টিক যদি কোনোবাই বিক্ৰী কৰে, সিহঁতকো মৃত্যুমুখলৈ থেলিবনি'

      জোনালীৰ নিৰ্ভীক প্ৰতিবাদলৈ কেৰেপ নকৰি সি খঙেৰে চিঞৰে  "ঐ চুপ, ট্ৰিগাৰ টিপিলেই তোৰ লাওখোলা উৰি মাটিত পৰব' উগ্ৰ ক্ৰোধেৰে সি তাইৰ কপালতে ক'লা বন্দুকটোৰ হেঁচি ধৰি ট্ৰিগাৰত বুঢ়া অাঙুলিৰে চাপ দিব লওঁতেই  এজন অচিনাকি যুৱকে দ্ৰুতবেগে ভৰিৰে বন্দুকটো দূৰলৈ লথিয়াই দিয়ে।

          চকু কপালত উঠে তাইৰ, কি বিস্ময়কৰ দৃশ্য! তাইক অাসন্ন মৃত্যুৰ পৰা ৰক্ষা কৰোতা দয়ালু ডেকাজনচোন এসময়ৰ তাইৰ প্ৰাক্তন প্ৰেমিক নয়ন দুৱৰা। নয়নৰ মধ্যস্থতাত বৰ্বৰ দলটোৰ পেটতে হাত-ভৰি লুকাল। সিহঁতে বীৰদপৈ শেনটোৰ দৰে অাহি কিল ভুকু খাই ফেঁচাটোৰ দৰে উভতিল।
         'তোমালোকক এক নিৰাপদ স্থানলৈ মোৰ মানুহ লৈ যাব; চিন্তা নকৰিবা'
     'চাও; হাতখন এৰি দিয়ক'
বহুপৰ হাতখন খামুচিধৰাত তাই চিৎকাৰ কৰে।
   'ক'লৈ যোৱা, ইমান খৰধৰ কিহৰ, তুমিচোন বেচ চকুতলগা'
সি অলপ পৰ হাতখন ধৰি এৰি দিয়ে। খঙে-অপমানে দগ্ধ হৈ হুকহুকাই কান্দি চম্পাকে সাৱতি ধৰে। তাইক এনেদৰে স্পৰ্শ কৰাৰ ইমান দ:সাহস! চৰকাৰী মানুহটোৰ ইমান চৰিত্ৰৰ অধ:পতন ঘটা স্বভাৱ। ভয়ে-শংকাই তাইক জ্বৰ ঘমাদি ঘামে। চম্পাৰো চিন্তা বাঢ়ে।

'হৰিণাৰ মাংসই বৈৰী,' 'তুমি সিহঁতৰ পৰা অাতৰি থাকিবা' চম্পাই অনুচ্চ কণ্ঠেৰে ফুচফুচাই।
'শৰণাথীৰ ওপৰত নিৰ্যাতন চলোৱাই ধৰ্ম নেকি সিহঁতৰ'
'সিহঁতে যে চাউলমুঠি নিদিলে অামি নিগমে মৰিম'
'সেইবুলিয়ে কি সকলো প্ৰহসন মই চকু মুদি সহ্য কৰিম'
'সিহঁতৰ শক্তিৰ উমান নোপোৱা তুমি, জীৱনটোৱে কলংকিত হ'ব'
  চম্পাৰ শেঁতা পৰা মুখখনিলৈ চায় জোনালী নিশ্চুপ হৈ ৰয়। তাই মৰ্মে মৰ্মে বাৰুকৈয়ে উপলদ্ধি কৰে চম্পাৰ বুকুত উমি উমি জ্বলা জঠৰাগ্নিকুৰাৰ মৰ্মবেদনা।

        চম্পাহঁতৰ ঘৰ পূৰ্বতে ধেমাজিত অাছিল বানৰ প্ৰকোপত সিহঁতে যোৰহাটৰ ককিলামুখৰ মথাউৰিতে দুকোঠলীয়া এৰাপলীয়া ঘৰ এটাতে দহবছৰমান পাৰ কৰোতেই পুনৰ ৰাক্ষসীবানে ঘৰটোৰ লগতে তাইৰ সৰু ভায়েক দুটা, একমাত্ৰ ভনীয়েক জনী অাৰু কৰ্কটৰোগী দেউতাককো সিহঁতৰ বুকু শুদা কৰি কাঢ়ি নিয়ে। পেটৰ ভাতমুঠি যোকলোৱাৰ একমাত্ৰ সম্বল অাদৰৰ তাঁত শালখনিও উটুৱাই নিয়ে। চম্পাৰ কথাত জোনালীৰো জীউটো স্বৰূপ তাঁত-শালখনিলৈ চেৰেংকৈ মনত পৰে। কেনেদৰে এসাগৰ বলীয়া বানত হেপাঁহৰ তাঁত শালখনি মৰা শ'ৰটোৰ দৰেই ওপঙিছিল। ক'লা-মুগা চিকচিকিয়া মাকোটা; গৰকা, দোপতি, মহুৰাডালেও যেন মাকৰ শোতোৰা-শোতোৰ হাতখনিয়ে খেপিয়াইছিল।

       চম্পাই অন্য এক গোপন ৰহস্যও ফাদিল কৰিলে। কোনো সময়ত কোনোবা অখ্যাত যুৱছাত্ৰ সন্থানে সংগঠনৰ বুলি দহজনমান উচ্চ পদস্থ বিষয়া অাহে শিবিৰলৈ। সিহঁতৰ হাতে হাতে চোকা মৰণাস্ৰ। শিবিৰৰ সদ্য যৌৱনা ফুলকুমলীয়া কিশোৰী যুৱতীবোৰ ভানত তুলি ক'ৰবালৈ লৈ যায়। হয়তু বৰ্হিদেশৰ নাৰীদেহ ব্যৱসায়ী সিহঁত। সিহঁতৰ হেনো বিদেশতো শৰীৰ অংগ। সি অানফালে মুখ ঘূৰায়। তাই নয়নলৈ চায়। তাৰ পিন্ধনত শুধ বগা কুৰ্তা-পাইজামা,হাতৰ মণিবন্ধত সোণোৱালী ঘড়ী, নিপোটল শৰীৰ। হয়তু কোনোবা নামজ্বলা উগ্ৰপন্থী সংগঠনৰেই তেওঁ স্বনামধন্য নায়ক। তাই ভৱাৰ  দৰেই এসময়ত তাই পঢ়া বি.বৰুৱা কলেজত নয়নো পঢ়িছিল। সি কলেজৰ শ্ৰেষ্ঠ তাৰ্কিক অাৰু সু-কবি অাছিল। যাৰ কলমেৰে নিগঢ়িছিল অগ্নিশিখা স্বৰুপ উদাত্ত কবিতাৰ অপূৰ্ব পংক্তি। তাৰ অামোঘ ব্যক্তিত্বৰ সন্মোহনী শক্তিয়ে তাইকো অাহ্লাদিত কৰাৰ বাবে তাই অাগবাঢ়ি অাহি যাচিছিল জীৱনৰ প্ৰথমখনি প্ৰেম নিবেদন পত্ৰ। সকলো নিয়ম-মাফিক সুচাৰুৰূপেই চলোঁতেই নয়নৰ এটি সিদ্ধান্তই তাইক তাৰ পৰা অাতৰিবলৈ বাধ্য কৰাইছিল। যৱনিকা পৰিছিল এটি স্বৰ্গীয় প্ৰেম কাহিনীৰ।

    'জোনালী মই স্বতন্ত্ৰভাৱে সমাজসেৱাত ব্ৰতী হ'ব খোজো, অামাক ন্যাৰ্য্যপ্ৰাপ্তি লাগে'
'তুমি তোমাৰ দক্ষতাৰে এদিন নিশ্চয় স্বাৱলম্বী হ'বা'
'টকাই সকলো সুখৰ অন্তৰায় নহয়, ব্যভিচাৰৰ বিৰুদ্ধে মুক্তমনে যুঁজিম মই'
'তেন্তে তুমি সেই নৰহত্যাকাৰী বিপ্লৱী জীৱনেই অাঁকোৱালি লোৱা'
       মুহূৰ্ত্ততে খঙত হিতাহিত জ্ঞান হেৰুৱাই অাগ-পাছ নভৱাকৈয়ে তাই গুছি গৈছিল বহু দূৰলৈ। সিদিনা দীঘলীপুখুৰী পাৰৰ কাঠৰ বেঞ্চখনতে প্ৰস্তৰ মুৰ্ত্তিৰ দৰে অকলশৰে ৰৈছিল সি।
   'তুমি মোক নুবুজিলা, দেশমাতৃৰ চৰণ ৰক্তেৰে পঘালিবলৈ ময়ো অপৰাগ'
        এন্ধাৰতে সি মাথো নিৰৱে চকুলো টুকিছিল।
        নয়নে পকেটৰ খৰচেৰেই চহৰৰ একাষে এডোখৰ ঠাইত ভাড়াঘৰ এটা কিনি জোনালী অাৰু চম্পাৰ পৰিয়ালটো শিবিৰৰ পৰা লৈ অানিবলৈ মানুহ পঠালে। সিহঁতক লৈ অনা ড্ৰাইভাৰজন যথেষ্ট বয়সস্থ। নাম দীন শৰ্মা।
'নয়নে ক'ত চাকৰি কৰে'
তাই সুধে - তাইৰ প্ৰশ্নত থতমত খায় দীন কায়ে কিবা ভাবি লাহেকৈ কয়
        'নয়ন বোপা সমাজ সেৱক, সি তিনিটা এন.জি.অ.ৰ মালিক'
   'স্বতন্ত্ৰ কাম কৰাৰ অৰ্থে মুক্তবাহিনীত যোগান কৰা নহয় নেকি'
দীনকাইৰ উত্তৰত তাই সাজোৰে চিঞৰি সুধে। এজাক যেন বিজুলী প্ৰৱাহ তাইৰ শিৰে শিৰে প্ৰৱাহিত হৈছে।
    'নহয় অাইজনী, সি দুখীয়াৰ বাবে জীৱনটোৱে সপিছে, দেহটোও দান কৰিছে'
চকুলোৰে উপচি পৰা কোণ দুটি মচি লয় দীনকায়ে। জোনালীৰ দুচকুত তেতিয়া অন্য এখনি নৈ বৈ অাহে কলিজাৰে দুয়োপাৰ ভেদি। অবিৰাম। অাশ্ৰয় লাভ কৰিও তাই যেন এতিয়া এজনী অাশ্ৰয়হীন নাৰী
Share:

নৱাৰুণঃ অৰিন্দম শৰ্মা



যুদ্ধজয়ী ঘোৰাৰ কদমত উভতি আহিছে নবীণ ঘৰলৈ।আজিৰ শৰতৰ সন্ধিয়াতো তাৰ বাবে চিৰস্মৰণীয় হৈ ৰৱ।আজিৰ এই সন্ধিয়াতো তাৰ জীৱনৰ সফলতাৰ মাইলৰ খুটিস্বৰূপ। নবীণ সৰুৰে পৰা বিপ্লবী মনৰ লৰা।সৰুতে তাৰ খেৰি ঘৰত জ্যোতি বিষ্ণুৰ ফটো আৰি মাটিৰ বেৰত সি এঙাৰেৰে লিখিছিলব" অগ্নি যুগৰ ফিৰিঙতি মই " নতুন অসম গঢ়িম " মেট্ৰিকত ষ্টাৰ নম্বৰ পোৱা পুতেকক মৰমতে মূৰত হাত বুলাই আখৰ নিচিনা দেউতাক ঘনশ্যামে কৈ গৈছিল " নামটো নবীণ কামতো নবীণ বীৰ পুৰুষৰ দৰে হ'ব লাগিব।মাতৃ কমলাই ও বেৰত আৰি থোৱা ৰাাধা কৃষ্ণৰ ছবিত ধূপ দি প্ৰাৰ্থনা কৰিছিল-'' লৰাটিক চাবা বাপা ,দেশৰ যিহে অৱস্হা,শতৰুৰ দেশ এইখন । দেশৰ উন্নতি,দহৰ উন্নতিৰ গাওৰ উন্নতিৰ সপোন লৈয়েই নবীণ ওলাল গুৱাহাটীৰ বায়েকৰ ঘৰৰ ওচৰৰে কলেজখনত এবছৰ এবছৰলৈ ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক হৈ সি গমকে নেপালে।সুখ্যাতিৰে ৰাজনীতি বিজ্ঞানত স্নাতক হৈ সি যেতিয়া একেবাৰে উভতি আহিল তেতিয়াহে সি ভালকৈ বুজি উঠিল তাৰ সপোনৰ গাওখন গাঁও হৈ থকা নাই ।তাৰ আপোন নৈখনিৰ সোণালী জাৰণিখন আৰু জিৰণিৰ স্হান হৈ থকা নাই।গাঁওৰ বৰ নামঘৰৰ আগচোতালত এতিয়া আৰু আগৰ দৰে ভাওনাৰ আখৰা নচলে তাত চলে জুৱাৰ আড্ডা।পুথিভৰালটোও যেন হৈ পৰিছে নিশাৰ মদ ভাংৰ ৰমৰমীয়াৰ আড্ডাৰ সুৰক্ষিত স্হান। কিন্তু সিটো আন দহজনৰ দৰে মুখত আঙুলি ভৰাই বহি থকা কাপুৰুষ নহয়।দেশ বুলি কলে নিজৰ গাও বুলি কলে তাৰ দেহত দৌৰিবলৈ ধৰে এহেজাৰ ৰণুৱা ঘোৰা।কি কৰা যায় এটা উপায় ওলাল ।গাঁওৰে দুই এজন সমাজ হিতৈষী ব্যক্তি,নবীণৰ সহপাঠী কাজল, শ্যামল, মাধুৰ্য্য অাদি উদ্যমী ডেকা কেইটাক লগত লৈ অাপোন নৈৰ জাৰণি খনত এক দীঘলীয়া অালোচনাৰ অন্তত জন্ম দিয়া হল - "নবাৰুণ সমাজ সংস্কাৰ সংঘ"।নৈৰ পাৰৰ বিগ্ৰহটোত অাটায়ে অাঠু লৈ শপত খালে এই গাঁওৰ পৰা যি কোনো মূল্যৰ বিনিময়ত নামঘৰৰ সন্মুখৰ জুৱাৰ অাড্ডা, নিশা পুথিভড়ালত বহা মদৰ অাড্ডা অাতৰাবই লাগিব।   এনকৈ দিন বাগৰিল নবাৰুণ সংঘৰ ও পৰিসৰ বৃদ্ধি হ'ল।গাঁও মহিলা সমাজেও এই সংন্থাত যোগ দিলে।এটা সময়ত উঠি অহা নতুন ল'ৰাখিনিয়েও সংন্থাটোত সহাৰি যোগালে।গাঁওৰ পৰা কলা এন্ধাৰ অাতৰ হ'ল। পুথিভৰালটোও কিতাপে ৰে ভৰি পৰিল, অাগৰ দৰে বৰনামঘৰৰ অাগচোতালত ভাওনা চলিবলৈ ধৰিল, তালৰ চাপৰিত মুখৰিত হ'ল চৌদিশ। অাপোন নৈ খনৰ জাৰণিখনত ও মাজে সময়ে কবিতাৰ অনুষ্ঠান পতা হ'ল।           নবীনে অাজিহে তাৰ হেৰোৱা স্বপ্নটি যেন বিচাৰি পালে। মনৰ উলাহত সি তাৰ কোঠাত বিষ্ণুৰাভাৰ ফটোখনলৈ অাগবাঢ়ি গ'ল। অাৰু ওপৰলৈ হাত দাঙি চিঞৰি উঠিল - "সোণোৱালী গাঁও মোৰ,সোণোৱালী অসম। তোমাৰ বাবে মই ধৰিছো জনম।"                             



      ✍✍ অৰিন্দম শৰ্মা ,প্ৰচাৰ সম্পাদক,
     (মুখা: অসমীয়া ত্ৰি-মাসিক ই অলোচনী)
Share:

সময়ঃ লোচন বৰা



এদিন এদিন কৰি গৈ আছে বয়স
এই বয়স যে নাথাকে কেতিয়াও ৰৈ,
ছাত্ৰ বয়সতে লোৱা তোমালোকে
 এটা গভীৰ কল্পনা।
যি কল্পনাই দিব তোমালোকক
মুকলি চৰাইৰ দৰে
নিজ স্বাধীনতা।

লোচন বৰা,নগাঁও
Share:

অনুৰাগ তোমাৰ বাবেঃবাবলী বুঢ়াগোহাইঁ‌

#অনুৰাগ তোমাৰ বাবে(চুটি গল্প) 


চৰাইৰ কিচিৰ মিচিৰ মাতত আভাৰ টোপনি ভাঙি গ'ল। বিচনাৰ ওচৰতে থকা খিড়িকী খনৰ পাতল পৰ্দাখনৰ লগত ছাঁ আৰু পোহৰে লুকাভাকু খেলিছিল। আভাই এই নিঃশব্দ খেল খন চাই বিচনাতে অলপ সময় পৰি থাকিল।জীৱনটোও চোন এটি খেল হৈ গৈছে দিনে দিনে। এটা দীঘল হুমুনিয়াহ বুকু ভেদি ওলাই আহিল। মেলি থোৱা দীঘল চুলিটাৰি খোপা এটা বান্ধি বিচনাৰ পৰা নামি আহিল তাই। শ্লিপাৰযোৰ ভৰিত সোমোৱাই লাহে লাহে বাহিৰলৈ ওলাই আহিল আৰু বেলকনিখনৰ ৰেলিঙত ধৰি ৰৈ গ'ল । শীতৰ আমেজ লৈ নিয়ৰবোৰে পাতবোৰৰ বুকুত উমলিয়ে আছিল।বাগিছাৰ ফুলবোৰেও যেন কাঁচিয়লি ৰ'দৰ উমাল পৰশ লৈ ৰজনীৰ শীতলতাবোৰ বেলিৰ বুকুত এৰি দিছিল। প্ৰকৃতিৰ ৰূপৰ সুষমা সমগ্ৰ দেহত বুলাই বাথৰুমৰ স্বাৱাৰটোৰ তলত নিজকে এৰি দিলে। আজিৰ এই দিনটো আন্য দিনৰ দৰে গতানুগতিক কৰিব বিচাৰিও ভৰি কেইটা ৰৈ গৈছে বাৰে বাৰে। মনটোৱেও পৰিধি ভাঙি যেনি তেনি বৈ গৈছে। দুচকুৰ লোতকক দুধাৰি পানীৰ লগত এক হৈ পৰিল। তিতা চুলি খিনি গামোচা খনেদি মেৰিয়াই পাতল গোলাপী মেখেলা চাদৰ যোৰ পিন্ধি ল'লে।আইনা খনত নিজকে এবাৰ চাই সেওঁতাত দীঘলকৈ সেন্দুৰৰ ৰেখাডাল টানি দিলে। গোলাপী ৰঙ অনুৰাগৰ বৰ প্ৰিয়। এই সাজযোৰ পিন্ধিলেই সি দুগাল চুমাৰে উপচাই দিছিল।তিতা চুলি খিনিত মুখ গুজি সৰু ল'ৰাৰ দৰে খেলি থাকিছিল। চুলি খিনি মেলি দি মৃদু খোজেৰে ৰুমৰ পৰা ওলাই আহিল। বাগিছাৰ পৰা তুলি অনা ফুল কেইপাহেৰে গোসাঁইৰ থাপনা খন সঁজাই প্ৰাৰ্থনা এটা গাব ধৰিলে। পুৱাৰ স্নিগ্ধতাৰ লগত চাৰিও ফালে বিয়পি পৰিল ভক্তিৰ সুৰ…………………… "কিমতে ভকতি কৰিবো তোমাত" ……………………………হৰি য়ে……… গোসাঁই ঘৰৰ পৰা ওলাই প্ৰসাদৰ ভাগটো অনুৰাগলৈ সঁজাই থলে। আজি আভা আৰু অনুৰাগৰ বিবাহ বাৰ্ষিক। তাৰ দীৰ্ঘ আয়ু কামনা কৰি শৰাই এভাগ দিছিল ঘৰতে। আভাই প্ৰসাদৰ প্লেট খন লৈ অনুৰাগৰ আগত থলে । সি এপলক তাইলৈ চাই প্লেটখন দলি মাৰি দিলে আৰু ভিতৰলৈ পলাই যোৱাৰ দৰে দৌৰ মাৰি গ'ল । আভা মজিয়াত পৰা প্ৰসাদবোৰৰ মাজতে বহি পৰিল আৰু তাই চাৰিও ফালে ঘূৰি থাকিল কিছুমান শব্দ …………"সকলো মোৰ শত্ৰু । তহঁতি মোক মাৰিব বিচাৰিছ। বচোৱা মোক বচোৱা। …………"

বাব্লী বুঢ়াগোহাঁ‌ই,নাজিৰা,শিৱসাগৰ
Share:

জীৱন জানো অনুপমঃ বিশ্বজিৎ ডি চেতিয়া



চেপেটা লগা পেটটোত
 কেঁচু কুমটিবোৰে কুটকুটালে
 চকুৰ নৈখন সৰসৰাই বৈ আহে, 
বন্ধু, চকুৰ নৈখনে জানো শিল গলাব পাৰে? 
 আঘোণ যদিও ভৰুণ শূৰ পোকে কুটে
 আঘোণৰ ভ্ৰূণ পৃথিৱী সকলোৰে বাবে
 কিন্তু কঙালে চিৰাচিৰ কৰে। 
বন্ধু, পংগুত্ব সাবটি জীবলৈ জানো কাৰোবাৰ মন যায়?
 জুই-পানী একাকাৰ নহ'লেও 
একাকাৰ হয় তেল-পানী কঙাল 
আঘোণ একাকাৰ হ'লেও
 মাটিমাহৰ দৰেই ফাঁটি পৰে এদিন। 
 জানা বন্ধু,চেষ্টা কৰোঁ
 কিন্তু ফঁটা বস্তু জানো জোৰা লাগে? 


 🖋🖋🖋বিশ্বজিৎ ডি চেতিয়া,
 ঠিকনাঃবৰটিং নাওশলীয়া,গোলাঘাট
Share:

দৃষ্টিঃ পিংকী কলিতা

 সপোনৰ পণখেদি সাৱলীল যাত্ৰা, 
দৃষ্টিৰ উকা কাগজৰ এখিলা পাতত,
 আবিৰৰ ৰং সানি আঙুলিৰ স্পৰ্শত
 অংকিত নবসৃষ্টিৰ যুগান্তকাৰী ধাৰা,
 আশাৰ প্ৰদীপ জ্বলাই মাণিক বুটলি 
সেমেকা ওঁঠত বিলোৱা হাঁহিৰ ৰেঙণি 
নিয়ৰৰ কণিকাত বৰষুণ বোৱাই,,
 আকি দিম এটোপাল কলমৰ চিয়াহী,
 সময়ৰ শলিতা গছিৰে আশাৰ চাকিটি জ্বলাই
 অজ্ঞানতাৰ দুৱাৰখোলা! 
পোহৰৰ আলোকেৰে আলোকিত হোৱা। 


 পিংকী কলিতা শুৱালকুছি,কামৰূপ গ্ৰাম্য

Share:

মাণিকঃ গোলাপ চাংমাই

বহুজন সাগৰৰ তলত, 
কোনোৱে আকৌ সাতুৰিছে, 
কোনোৱে বাইছে বৰশী ।
 সাগৰৰ ঢৌৱে আকৌ কাৰোবাক লৈ
 খেলিছে হেতালি, 
কোনোৱে আকৌ অপেক্ষাত টোপোলা বান্ধি । 
সকলো মাথোঁ সাগৰৰ তলৰ মানিক বিচাৰি ।
 পথাৰৰ খেতিয়ক জনো গৈছে মাটি খান্দি, 
পেলাইছে কপালৰ ঘাম, কৰিছে হাঁড়ক মাটি, 
কিজানি পথাৰটো ওলাব মানিক । 
 নেতাই সিঁচিছে জনতাক ৰাজনীতি বীজ , 
দিছে প্ৰলোভন, কৰিছে শোষন, তাতেই আকৌ মানিকৰ বিজ্ঞাপন।
 মন্দিৰৰ কোঠালিত ভক্ত সমাগম,
 কৰিছে পূজা, দোঁৱাইছে মূৰ, লৈছে আশিস, 
মাথোঁ বিচাৰিছে মানিক ।
দুখীয়া ঘৰত নাই খুদকন, 
বহিবলৈ নাই পীৰা, 
খোৱা নাই হাবাথুৰি, কৰা নাই প্ৰৱঞ্চনা, মাথোঁ সুখৰ সংজ্ঞা ।
 তাতেইটো আছে মানিক ।

 🖋🖋🖋গোলাপ চাংমাই ,৮৮৭৬৫৬৮৮৩৯

Share:

অনুভৱঃ ভায়োলিনা ডেকা

ভায়োনিলা ডেকাৰ অনুভৱ: বন্ধুত্ব



 বন্ধুত্ব এটি সহজাত প্ৰকৃতি।আদিম যুগৰে পৰা মানুহৰ মাজত এইটো পৰম্পৰাগতভাবে চলি অহা দেখা যায়।সচা বন্ধুত্বৰ হাত আমাৰ সকলোৰে কাম্য।আমি সকলোৱে এজন ভাল বন্ধু পাৱ বিছাৰো।কিন্তু যিদৰে পৃথিবীৰ সকলো মানুহ সদৃশ নহয় ঠিক তেনেদৰে সকলোৰে মনটো সদৃশ নহয়।ই ভিন্ন,তাৰ মাজতো বন্ধুত্ব বিছাৰি নোপোৱা নহয়।কেতিয়াবা তেনেকুৱা নিজৰ মনৰ লগত মিল থকা বন্ধু পোৱা যায়। বেনজামিন তিজাৰেলিয়ে কৈছিল প্ৰকৃতিয়ে মানুহক দুখন কাণ দিছে,কিন্তু মুখ মাত্ৰ এখন দিছে।কাণ আমি বন্ধ কৰিব নোৱাৰো কিন্তু মুখ আমি বন্ধ কৰিব পাৰো।সচা বন্ধুসকল হৈছে এজন ভাল শ্ৰোতা।সেয়হে কথা কোৱাৰ আগতে অতি কমেও দুবাৰ ভাবি চোৱা দৰকাৰ। আনক প্ৰসংশা কৰিলে নিজেও প্ৰসংশাৰ পাত্ৰ হব পাৰি।আপুনি আনক সমালোচনা কৰিলে নিজেও সমালোচনাৰ পাত্ৰ হ'ব লাগিব।গতিকে আপোনাৰ সন্দেহ আপোনাৰ নিজৰ মাজতে সামৰক,বহুত জনসমাগমৰ মাজত আপোনাৰ ভুলটো আঙুলিয়াই নিদিব।আকৌ কাৰোবাৰ মিছা প্ৰসংশাৰে আমোদ দিবলৈ লোৱাটো উচিত নহয়। ক্ষমা আৰু প্ৰেম স্বৰ্গীয় বস্তু।সচা বন্ধু পাবলৈ হ'লে ক্ষমা কৰিবলৈ শিখক আৰু নিজেও ক্ষমাপ্ৰাৰ্থী হবলৈ শিকক।বন্ধুৰ সৈতে আলোচনা কৰক,যিহকে আলোচনা কৰে কৰিব কিন্তু যুক্তি তৰ্কৰ মাজেৰে নহয়।যুক্তি তৰ্কত আপুনি শিকিব পাৰে কিন্তু বন্ধুত্বৰ তৰ্কত পৰাজিত হ'ব। আপুনি যদি সচাঁকৈ প্ৰকৃত বন্ধু বিচাৰে তেতিয়া হ'লে আনক সহায় কৰিবলৈ সুযোগ বিচাৰক।আপোনাৰ সহায় আপোনাৰ সহায় সচাঁ অৰ্থত পাহৰিব নোৱাৰে।আপুনি সদায় মনত ৰাখিব-':বন্ধু এক সামাজিক আচৰণ।জীৱন যাত্ৰাত আগুৱাই যাবলৈ হ'লে আমাৰ আত্মীয়জনৰ লগতে বন্ধুৰো প্ৰয়োজন হৈ পৰে। গতিকে এজন ভাল বন্ধু পোৱাৰ আগতে নিজেও ভাল বন্ধু হ'ব লাগিব।
Share:

বৃদ্ধাশ্ৰমঃপ্ৰণৱ বৈশ্য


জীৱনৰ অাদিপাঠ শিকাই 'মা অাৰু দেউতাই। যিকোনো এজন ব্যক্তিৰ সফলতাৰ অাৰত মা-দেউতাৰ অৰহণা যথেষ্ট গুৰুত্বপূৰ্ণ। এজনী মায়ে ১০ মাহ ১০ দিন নিজৰ গৰ্ভত সন্তান এটি ৰাখি যিমান দুখ,কষ্ট,বেদনা সহ্য কৰে; তেনেকুৱা অনুভৱ একমাত্ৰ মাক এজনীয়ে বুজিব পাৰে। তেনেকুৱা সময়তে মাকজনীৰ লগত সুখে-দুখে সংগ দিয়ে একমাত্ৰ দেউতাই। তথাপিতো সেই বেদনা কষ্টকৰ বুলি নাভাবি অানন্দৰ প্ৰাপ্তি হিচাপে এটি গৰ্ভস্থ সন্তানৰ জন্ম দিয়ে। মা-দেউতাৰ এনেহেন কষ্টবোৰ বৰ্তমান সময়ত পুত্ৰ,জিয়ৰী বোৱাৰী বোৰে কোনোদিনে পৰিশোধ কৰিব নোৱাৰে। কিন্তু বৰ্তমান এই অাধুনিকতাৰ যুগত অামাৰ মানুহবোৰ ইমানে অাধুনিক হৈ গৈছো যে-অাধুনিকতাৰ কৰাল গ্ৰাসত পুত্ৰ স্নেহ, পত্নী স্নেহে বৰ্তমান মানুহবোৰক বহু নিম্নলৈ পৰিণত কৰিছে। যাৰ বাবে অামি বৃদ্ধ পিতৃ-মাতৃক ফুটপাথত এৰি থৈ অহা; নদীত পেলাই দিয়া, অাত্মহত্যা কৰাবলৈ বাধ্য কৰা ইত্যাদি ইত্যাদি ঘটনাবোৰ দেখিবলৈ পাওঁ। এনেবোৰ কু-কৰ্ম কৰাৰ সময়ত সেই নৰপিশাচ ৰুপী দানৱবোৰে পিতৃ-মাতৃয়ে কৰা অহোপুৰুষাৰ্থ কষ্টবোৰ পাহৰি যায়। বৰ্তমান সমাজত অামাৰ মানুহবোৰে ইমান বেছিকৈ টকা উপাৰ্জন কৰিছে যে - জন্ম দিয়া বৃদ্ধ পিতৃ-মাতৃক ৰাখিবলৈ এটা ঘৰৰ অভাৱ। যাৰ ফলত তেওঁলোকক ৰাখিব লগা হৈছে বৃদ্ধাশ্ৰমত। এখন বৃদ্ধাশ্ৰমত বৃদ্ধ পিতৃ মাতৃয়ে বহু অাশাৰে নিজৰ পুত্ৰ, জী, বোৱাৰী, নাতি-নাতিনী অাহিব বুলি মনত বহু সপোন বুকুত বান্ধি থাকে। কিন্তু অাজিৰ শিক্ষিত ভদ্ৰ সমাজে সেই বৃদ্ধ পিতৃ-মাতৃৰ চকুত থকা চকুপানীৰ মূল্য নুবুজে। নিজৰ কৰ্মব্যস্ততাৰ অজুহাত দেখুৱাই সেই বৃদ্ধ পিতৃ-মাতৃবোৰক বৃদ্ধকালৰ সকলো স্নেহৰ পৰা অাতৰাই ৰাখিছে। গতিকে অাজিৰ অাধুনিকতাৰ যুগত বাস কৰা পুত্ৰ-বোৱাৰী সকলে এটা কথা জনা উচিত যে যাক অামি বৃদ্ধাশ্ৰমত ৰাখিছো; কালিলৈকে যে সেই বৃদ্ধাশ্ৰমখনৰ নিজে অালহী হব লাগিব, সেইটো মৰ্মে উপলদ্ধি কৰা উচিত। সদৌ শেষত মোৰ এই ক্ষুদ্ৰ লিখনিটোৰ জৰিয়তে এইটো কব বিচাৰিছো যে - অামি অামাৰ উঠি অহা লৰা-ছোৱালীবোৰক পাঠ্যপুথিৰ শিক্ষাৰ লগতে নৈতিকতাৰ শিক্ষাও লবলৈ উৎসাহ যোগাব লাগিব। যাতে সৰুৰে পৰা পিতৃ-মাতৃৰ লগতে সমাজৰ অান অান ব্যক্তিবোৰকো শ্ৰদ্ধাৰ চকুৰে চাব পাৰে। অামি সকলোৱে অামাক জন্ম দিয়া পিতৃ-মাতৃক বৃদ্ধ অৱস্থাত বৃদ্ধাশ্ৰমত নপঠাই নিজৰ লগতে ৰাখি, তেওঁলোকৰ বৃদ্ধ অৱস্থাতো সুখময় কৰি তুলিব পাৰো তাৰ বাবে অামি দৃঢ় প্ৰতিজ্ঞ হব লাগে।


 🖋🖋প্ৰণৱ বৈশ্য ,বুদ্ৰুকুছি,নলবাৰী
Share:

নিৰ্বাচনী সমিতিৰ সম্পাদিকাৰ একলমঃ বৰষা বৰ্মন

" তোমাৰ জ্ঞানেৰে সিঁচি দিয়া 
এমুঠি সুউজ্জ্বল আভা যিয়ে 
অজ্ঞানতাৰ আন্ধাৰ নেওচি
 আজুৰি আনক বিজয়ৰ নৱতম সূৰুয "



 পোন প্ৰথমে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ গুৰিধৰোতা শুভাকাংক্ষীসকলক মোৰ অন্তৰৰ নিভৃততম কোণৰ পৰা যাঁচিছো সুকোমল শ্ৰদ্ধা ও কৃতজ্ঞতা। অনাদিকালৰ পৰা প্ৰবাহমান আমাৰ সাহিত্যৰ চিৰবিনন্দীয়া গতিত বৰপূজা আগবঢ়াবলৈ তথা নবীন,প্ৰবীণ ইচ্ছুক সাহিত্যপ্ৰেমীসকলক " *মুখা* " ৰ সহায়ত আমি দিব বিচাৰিছো এখন মঞ্চ……এটি পৰিচয়……এধানি উৎসাহ… " *মুখা* " ৰ নিৰ্বাচনী কমিতিৰ সম্পাদিকা হিচাপে লিখনিসমূহ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বহু শুৱলা শব্দৰ অভাৱনীয় হাৰত বিলুপ্তি মোৰ দৃষ্টিগোচৰ হৈছে যিটো সঁচাকৈ এটি দুখজনক লক্ষণ। যদি আমি আপোন শব্দবোৰ পাহৰি যাওঁ তেন্তে আমাৰ অসমীয়া সাহিত্যৰ শব্দৰ ভঁড়ালৰ কিমানখিনি ক্ষতি হব আপোনালোক সকলোৱে হয়তো অনুমান কৰিব পাৰো। মই ভাবো যে যিমানখিনিলৈ সম্ভৱ আমি শুদ্ধ তথা নিঁখুতকৈ আমাৰ ভাষা তথা শব্দৰ প্ৰয়োগ কৰা উচিত।কাৰণ গুণী-মানী ব্যক্তিসকলে আগতেই কৈ গৈছে যে ভূল অসমীয়া ভাষাৰ প্ৰয়োগ কৰাৰ বাহিৰে ভাষাটোৰ বিস্তৰ ক্ষতি সাধন কৰিব পৰা বিকল্প উপসৰ্গ একো নাই। সদৌ শেষত মোৰ সমূহ সতীৰ্থ তথা আমাৰ প্ৰত্যেকগৰাকী শুভাকাংক্ষীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।লগতে আমাক উৎসাহিত কৰি হাতত হাত মিলাই আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল।" *মুখা* "ৰ জয়যাত্ৰা অক্ষুণ্ন থকাৰ কামনাৰে…… 


 বৰষা বৰ্মন ,
নিৰ্বাচনী সম্পাদিকা
Share:

সময়ঃ হৰজিৎ মেধি





সময়

     
      "পল পল দণ্ড কৰি সময় গৈছে উৰি
        পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম"

         বিশ্বৰ জীৱন্ত স্বৰূপেই সময়।সময় নদীৰ দৰে চিৰ প্ৰৱাহমান।সময় নীৰৱে অাগবাঢ়ে ৰ'দ-বতাহ-বৰষুণ,দিন-ৰাতি গছকি,গৈয়েই থাকে,অনাদিৰ পৰা অসীম দিগন্তলৈ। বিজ্ঞানী এলবাৰ্ট অাইনষ্টাইনে কৈছিল - সময় বুলি একো নাই। ই অামাৰ মনৰ অলীক সৃষ্টি মাত্ৰ। তথাপি সময়ৰ চেতনাই মানুহক কৰ্মশীল, ক্ৰিয়াশীল কৰি ৰাখিছে। সময়ে দিয়ে মানৱক কৰ্মৰ অনুশীলন,য'ত মানৱৰ উদ্ভাৱিত শক্তি নিহিত হৈ থাকে।

            
             সময় অমূল্য।জীৱনত এটা বছৰৰ মহত্ব কিমান তাক জানিবলৈ সেই বছৰত পৰীক্ষাত অকৃতকায্য হোৱা এজন পৰীক্ষাৰ্থীক সোধক।এক মাহৰ মহত্ব জানিবলৈ হলে সেইজনী মাতৃক লগ ধৰিব পাৰে যিজনে মাতৃয়ে ন-মাহতে নিজৰ ভ্ৰুণটোক প্ৰশৱ দিছে।সাতদিনৰ মহত্ব জানিবলৈ হ'লে কোনো এখন সাপ্তাহিক বাতৰি কাকতৰ মুৰব্বী বা সম্পাদক জনক লগ ধৰক।এক দিনৰ মহত্ব কিমান?সেইজনে ক'ব পাৰিব-যিজনে দৈনিক হাজিৰা কৰি মজুৰি নাপায় এমুঠি অন্নৰ বাবে হাবাধুৰি খায়।এক ঘন্টাৰ মহত্ব জানিবলৈ হলে চিকন্দৰক সোধক,যিজনে নিজৰ অাধা ৰাজ্য দি এক ঘন্টা মৃত্যু পিছুৱাবলৈ অাগ্ৰহ কৰিছিল।এক মিনিটৰ মহত্ব সেই ভাগ্যৱান জনক সোধক যিজনে ৱল্ড ট্ৰেড চেন্টাৰ বাগৰি পৰাৰ অাগতে তাৰ পৰা ওলাই অাহিছিল।শেষত এক ছেকেণ্ডৰ মহত্ব জানিবলৈ হ'লে ফিনলেণ্ডৰ ইতিহাস ৰচনা কৰা অসম কন্যা হিমা দাসক সোধক,যিজনী দৌৰ-ৰাণীয়ে ৫১:৪৬ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰি এথলেটিছত সোণৰ পদকৰে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় লাভ কৰে।



         ব্ৰেঞ্জামিন ফ্ৰেংকলিনয়ে কৈছিল - 
জীৱনক ভালপোৱানে? তেনেহ'লে সময়ৰ অপব্যয়
নকৰিবা, কাৰণ জীৱন মানেই সেই বস্তুটোৱেই গঢ়া…
         সময়ৰ সমষ্টিয়েই জীৱন। সীমাবন্ধা জীৱনত যিকণ সামান্য সময় অামি পাওঁ তাক সদ্ ব্যৱহাৰৰ যোগেদি অামি জীৱন সাৰ্থক অাৰু সুখময় কৰি তুলিব লাগিব। প্ৰতিটো ক্ষণ অামি টিকি ব্যৱহাৰ কৰিব লাগিব।
                

                  অমূল্য সময়ৰ সদ্ ব্যৱহাৰ অামাৰ কাম্য।সকলোৱে সময়ক অমূল্য ধন হিচাপে লৈ নিজক প্ৰতিষ্ঠা কৰাৰ মনোভাৱ পোষণ কৰক।সময় মানৱ জীৱনৰ পৰিচালিকা শক্তি। ইংৰাজীত এষাৰ কথা অাছে - Time and Tide Wait For None....সময় কাৰোবাবে ৰৈ নাথাকে অাৰু কেতিয়াও সি ঘূৰি নাহে।সেয়ে সময়ক জয়ী কৰি সময়ৰ স'তে খোজ পেলাওক।


✍✍ *হৰজিৎ মেধি*
পাঠশালা,বৰপেটা
৮৭২১৮৮৩৯৬৩
Share:

সন্দিকৈ কলেজৰ পুৰ্ণিমা চলিহাঃ মনোজ পাটোৱাৰী


সন্দিকৈ কলেজৰ মিছ পূৰ্ণিমা চলিহা
পোহৰৰ লেলিহান শিশাৰ দৰে তোমাৰ মিঠা হাঁহি ...!
তোমাৰ এপলক চাৱনিত মুগ্ধ হয় মোৰ বুকুৰ সতেজতা...!
তোমাৰ স্পৰ্শতাত মোৰ শৰীৰ শীতলিত হয় ...!
মোৰ উমাল বুকুত হেজাৰ প্ৰেমৰ ভাষা ...!
কলেজৰ ওচৰৰ ৰিম-জিম ধাবাত বহি
চিঙৰাৰ সোৱাদ লোৱা মনত আছেনে তোমাৰ ...!
হোষ্টেলৰ সন্মুখত বহি তোমালৈ
বাট চাই বহু সময় পৰা কৰোঁ ।
বাধাহীন সময়ে বাট ভেটি ধৰে তুমি অহা বাটত...!
আমনি লাগে তথাপিও নোৱাৰোঁ মনৰ ভিতৰৰ
জুই কুৰা নুমুৱাব।
এনেকৈয়ে বাট চাওঁ তোমালৈ
 শেষ হয় বহু সন্ধিয়া শেষ হয় বহু সময় ...!
ওঠত ৰঙা  ৰং, কান্ধত নীলা সেই সৰু ধুনীয়া বেগটো ...! বগা ধুনীয়া সাজ যোৰেৰে পূৰ্ণিমা চলিহা সচাই ভাল লাগে তোমাক । 

✍ মনোজ পাটোৱাৰী,উত্তৰ গান্ধীবাৰী,বাকসা
Share:

যৌৱনৰ স্বপ্নঃ অলকেশ কলিতা

 মই তিতিছো এজাক বৰষুণত 
 প্ৰেমৰ বৰষুণত দেহ মন জুৰ পৰিছে
তোমাৰ হাতত হাত থৈ কল্পনা কৰিছো 
এখন সুখৰ ঘৰ হাতত পুতলা দি কৈছো 
কি হল মোৰ অভিমানীজনীৰ, 
কোনোবাই লৈ যাব ফুটবল খেলিবলৈ। 
লাহেকৈ কৈছিলো তুমি বেয়া পাই থাকিলে 
আতৰি যাম বহু দুৰলৈ। 
আৰু তুমি , উচাত মাৰি দুবাহুত লৈছিলা 
 বুকুৰ মাজত সুমুৱাই মৰম কৰিছিলা 
 থমকি ৰৈছিল বৰষা সাৰ পাই অনুভবৰ জগতত
 প্ৰৱেশ কৰিলো ।ধেত এয়া দেখোন সপোন
 কিয় বাৰু দিঠক নহয় 
মই যে সজাত বন্দী মোৰ ডেউকা ভগা। 
তথাপিও সপোন দেখো কিজানি তুমাৰ হও। 


অলকেশ কলিতা, হুদুখাটা,শালবাৰি
Share:

এমুঠি জোনাকঃ নিলোৎপল শইকীয়া

এমুঠিমান জোনাক চটিয়ালোঁ
  তুমি অহাৰ পথত, 
 চাই ৰ'লো আশাৰে পদুলিৰ মুৰলৈ 
 পদুলিৰ শেৱালী জোপাই
 নিয়ৰৰ পৰশত হাঁহি বিৰিঙালে 
 হাঁহিবোৰ মুকুতা হৈ জিলিকিল 
 পূৰ্ণিমাৰ জোনৰ পৰশ পাই দুৱৰিত লাগি,   
 বুকুতে সাৱতি ল'লো লাগী গাৰুটোকে,
 নিশা দুপৰ হ'ল আশাৰে বাট চাই ৰ'লো
 নাহিলা তুমি  এলাগী কৰি থোৱা 
 চকুলো খিনি আহি  আমনি কৰি গ'ল 
 ভাগৰুৱা দুচকুত আহি , 
 দূৰৈত নিয়তিজনে আহিও উৰুলি দি গ'ল,  
দূৰৈত ৰৈ ৰৈ বিনালে বিহংগই নিদ্ৰাৰ আচলত ধৰি 
 দুই চকুত সানি গ'ল ৰহন  
 পুৱাল ৰাতি  দুচকুত সানি দিলে সূৰুযে  পুৱাৰ ৰহন 
 ৰ'দ মুকুতাবোৰো জয় পৰিল  
 যেনেদৰে জয় পৰিল  মোৰ হৃদয় …


নীলোৎপল শইকীয়া,  মাকুম গান্ধীনগৰ তিনিচুকীয়া, অসম
Share:

কহুঁ‌ৱাঃঃ পৰিণীতা কলিতা

 কঁহুৱা,চুই চাব নোৱাৰাৰ দুখত
 বন্দী আজি জীৱনৰ কেকুঁৰিৰ ভাজত
 সময়বোৰ দূৰ্দান্ত হৈ পৰে, 
শৰতৰ সংগী কঁহুৱা নীল আকাশৰ 
মাজত বিলীন হয়৷
 কঁহুৱাই লুকাভাকু খেলে
 বতাহজাকৰ স'তে, হৃদয়ত বাজি উঠে 
 তেতিয়াই বীণ৷ 
 কহুৱা,চুই চাবৰ মন বাস্তৱতাৰ তাড়নাত 
অতীতক নাপাহৰাৰ আশাত কঁহুৱা,তুমি এটি অনুভৱৰ কৰ্তৃত্ব৷ 

 পৰিণীতা কলিতা ,টিহু,নলবাৰী
 ফোন:9127564124
Share:

নিচাঃ নীলিম নিয়ৰ

নিচা 

সুৰাৰ ৰাগিত মাতাল
 মই এজন প্ৰেমীক কবি । 
শব্দৰ পথাৰত আজি
 মই শূণ্য চাৰিওফালে
 কেৱল নিচা আৰু নিচা ! 
সুৰাৰ ৰাগিত মাতাল মই 
এজন প্ৰেমীক কবি । নাই ! 
কৰ্ষন কৰা নাই মই , মোৰ দুখৰ বিস্তীৰ্ণ পথাৰখন, 
মাথো উমি উমি জ্বলি থকা, 
জুইকুৰাৰ সৈতে অহৰহ যুদ্ধ কৰিছো , 
এখন উকা হৃদয়ৰ সন্ধানত ! 
মলয়া বতাহৰ সৈতে ভাঁহি আহিছে
 বিষাদৰ জুইকুৰাৰ কিছু ফিৰিঙতি , 
 অনুভৱ হৈছিল এয়া খাণ্ডৱদাহৰ আৰম্ভনি ।
 সকলোবোৰ শেষ হোৱাৰ পিছত 
আকৌ আজি এবাৰ ভাবিছো ,
 কবিতা এটাকে লিখো দুখবোৰক লুকুৱাবলৈ । 
কিন্তু নাই শব্দবোৰেও আজি খেল খেলিছে মোৰ লগত , 
তোমাৰ অনুপস্থিতিয়ে যেন সকলোবোৰ কাঢ়ি নিছে মোৰ পৰা । 
 সেয়েহে আজি মই সুৰাপায়ী প্ৰেমীক কবি !!  

কবি ---নীলিম নিয়ৰ,   নলবাৰী মহাবিদ্যালয়, নলবাৰী, নমাটি
Share:

যোগাযোগ আৰু লেখা পঠোৱাৰ ঠিকনা

ইমেইল - mukhamagazine@gmail.com

ফোন/ৱাটছ এপ - ৯১২৬৬ ২১৪২০

ঠিকনা - নলবাৰী,অসম

ৱেবচাইট- www.mukha.ml
ই মেইল আৰু ৱাটছ এপ যোগে আমালৈ লেখা পঠাব পাৰিব

আমাৰ শুভাকাংক্ষীসকল


সুৰুষ ৰাজবংশী,নলবাৰী
ৰিদীপ ৰাজখোৱা,তিনিচুকীয়া
নৱজানি বৰুৱা শইকীয়া,তিনিচুকীয়া
গাম্ভীৰ্য মুদৈ,লখিমপুৰ
প্ৰশান্ত বৰা,মাজুলী
দিব্যজ্যোতি তালুকদাৰ,বৰজাৰ,নলবাৰী
বন্দনা দাস,নলবাৰী
পুলক জ্যোতি হাজৰিকা, লখিমপুৰ
নিপু তালুকদাৰ,পাঠশালা
সাগৰিকা দাস, ওদালগুৰি
জিন্টুমণি বৰ্মন,নলবাৰী
মৃণাল তালুকদাৰ, নলবাৰী

শুভেচ্চা বাণীঃ কৈঠালকুছি সাংবাদিক সন্থা

কৈঠালকুছি সাংবাদিক সন্থা
শুভেচ্ছাবাণী


ছপা মাধ্যম বা গ্ৰন্থ সভ্যতা সাধাৰণ জনতা অাৰু নৱ প্ৰজন্মৰ পৰা কিছুদুৰ অাতৰি অহা দুখজনক চৰ্চাৰ বিপৰীতে যুগধৰ্মৰ লগত খোজ মিলাই নৱ-প্ৰজন্মই ইন্টাৰনেট ব্যৱস্থাৰ জৰিয়তে জনমত গঠনত লোৱা ইতিবাচক ভুমিকা নুই কৰিব নোৱাৰি। বৰঞ্চ একোটা বাতৰি, ঘটনা, সংবাদ বা দু-সংবাদ, মতামত অানকি সৃজনিশীল সাহিত্যকো বিশ্বক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিছে ইন্টাৰনেট বা প্ৰযুক্তিবিদ্যাৰ জৰিয়তে। এটি কবিতা অাঞ্চলিক, ৰাজ্যিক বা ৰাষ্ট্ৰীয় ভূগোল পাৰ হোৱাৰ সপোন এতিয়া এটি মাত্ৰ "ক্লিক"তে সম্ভৱ। পৰিৱৰ্ত্তিত গোলকীকৰণ ব্যৱস্থাৰ হাতত ধৰি প্ৰকাশৰ অায়োজন চলা "মুখা"ই ব্যক্তি, সমাজ, ৰাজনীতি, সংস্কৃতি অাদি সৰ্বস্তৰৰ চিন্তা-চেতনাক প্ৰতিফলিত কৰক। নেতিবাচক মুখাবোৰ চিনাক্ত কৰি ইতিবাচক মুখাক অাদৰিবলৈ গণ-দেৱতা সাজু হৈ উঠক। "মুখা"লৈ জনালোঁ অান্তৰিক শুভেচ্ছা।


শৈলেন বৰ্মন
সম্পাদক
কৈঠালকুছি সাংবাদিক সন্থা

পৃষ্ঠা সমূহ