মুখা হ'ল এখনি তিনিমহীয়া ই আলোচনী।প্ৰথম সংখ্যা কিতাপ আকাৰে প্ৰকাশ হ'ল যদিও দ্বিতীয় সংখ্যাৰ পৰা ইন্টাৰনেট মাধ্যমেৰে প্ৰকাশ কৰা হ'ব।মুখা গোষ্ঠীৰ দ্বাৰা এই আলোচনী প্ৰকাশ হয়।

মুখা। শাৰদীয় বিশেষ সংখ্যা |অক্টোবৰ

এই সংখ্যাত প্ৰকাশ পাইছে বহুতো শাৰদীয় বিশেষ আৰু মনোৰম লেখা। পঢ়িবলৈ তলৰ সুচীপত্ৰ চাওক

সম্পাদকীয়ঃঃ ৰাজেশ বৈশ্য

সম্পাদকীয়


মুখা/
তুমি দেখুৱাই দিয়া
সৃষ্টিৰ সাহিত্য
আশাৰ প্ৰদীপ জ্বলাই 
ওলাই আহক
আকৌ এজাক তৰুণ তৰুণী
উজ্বলাই সাহিত্যৰ বন্তি।

অসমী আইৰ বুকুত
সাহিত্যৰ অভাৱ নাই।সাহিত্যৰ এই বিশাল ক্ষেত্ৰখনত এটি সৰু বীজ ৰোপনৰ উদ্দেশ্যৰে ২০১৮বৰ্ষৰ আৰম্ভণীতে মুখা গোষ্ঠীৰ জন্ম দিছিলো।তেতিয়া ই পৰিধি ভাঙি বৈ গৈছিল সমগ্ৰ অসম।অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলক মুখাই এখন সাহিত্য সৃষ্টি তথা প্ৰচাৰৰ মঞ্চ দিছে।সৰু সৰু পৰিকল্পনাৰে অগ্ৰসৰ হোৱা মুখা গোষ্ঠীৰ প্ৰচেষ্টাত মুখাৰ প্ৰথমখন কাব্যালোচনী প্ৰকাশ পাইছিল।তেতিয়াই মুখাক সহযোগ কৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ নবীণ প্ৰবীণ কবিসকলে।তেওঁলোকৰ প্ৰচেষ্টা আৰু সহযোগিতাৰ ফলত আমাৰ প্ৰথমখন কাব্যালোচনী মুখা দ্য ফেচ'' প্ৰকাশ পাইছিল যোৱা জুলাই মাহৰ ২৯তাৰিখে নলবাৰীৰ কৈঠালকুছিস্হিত কামপীঠ মহাবিদ্যালয়ৰ বাকৰিত।অসমৰ প্ৰায় দুকুৰি কবিৰ কবিতা প্ৰথম সংখ্যাত প্ৰকাশ পাইছে।তাৰ পিছত পৰ্যায়ত উজনি নামনিৰ বিভিন্ন প্ৰান্তলৈ ডাকযোগে কাব্যালোচনীখন প্ৰেৰণৰ দিহা কৰিলো।
প্ৰথম সংখ্যাৰ এই সফল যাত্ৰাৰ অন্তত মুখাৰ দ্বিতীয় সংখ্যাৰ কাম আৰম্ভ কৰিলো।মুখাৰ এইবাৰৰ সংখ্যাত চুটিগল্প,অনুভৱ,কবিতা,প্ৰবন্ধ,প্ৰিয় কবিৰ কবিতা ইত্যাদি শিতান সন্নিবিষ্ট কৰা হ'ল। ।মই এইচেগতে ধন্যবাদ জনাব বিছাৰিছো আমাৰ সম্পাদনা কমিটিৰ প্ৰতিজন সদস্যলৈ লগতে এইসংখ্যাৰ ই আলোচনীৰ ৱেবচাইট ডিজাইন কৰা লোচন বৰাক।মুখাৰ এই যাত্ৰা এনেদৰে অব্যাহত থাকক।।তাৰেই কামনাৰে ....
         জয়তু মুখা
                  
                              ৰাজেশ বৈশ্য
                               সম্পাদক,মুখা
Share:

মুখা প্ৰকাশনৰ সভাপতিৰ একলমঃ হৰজিৎ মেধি



"তোমাৰ বুকুতে উজ্বলাম 
  কতজনৰ সৃষ্টিৰ ৰহস্য,
    যি সৃষ্টিয়ে বিয়পাৱ 
    সাহিত্যৰ উদ্দেশ্য।।"


                      নতুন প্ৰাণৰ ন-চকুজুৰিত দিপ্তী ঢালি পুৰণি পৃথিৱীক নতুনকৈ চোৱাৰ মানসেৰে যিসকল মহান পূণ্যাত্মাৰ অক্লান্ত শ্ৰম অাৰু ত্যাগৰ বিনিময়ত ৰোপন হোৱা অসমীয়া সাহিত্য, সংস্কৃতি, সমাজৰ বোধি বৃক্ষডাল ফল-ফুলে জাতিষ্কাৰ কৰা সেই সকল মহান পূণ্যাত্মাৰ প্ৰতি সহস্ৰ প্ৰণিপাত জনালোঁ।মুখা পৰিয়ালৰ সমূহ সদস্য তথা যিসকলে লিখনিৰে মুখা প্ৰকাশৰ ক্ষেত্ৰত সসহযোগতা অাগবঢ়ালে;তেওঁলোকক অান্তৰিক কৃতজ্ঞতা জনালোঁ। লগতে শলাগ যাচিছোঁ অালোচনী খনৰ অনলাইন মাধ্যমত প্ৰকাশত সহায় কৰা লোচন বৰাক বিশেষ ধন্যবাদ জনালোঁ।


                    যিসকলৰ মৰম,স্নেহেৰে "মুখা"ৰ প্ৰথম খণ্ডই সাহিত্যৰ ভোটাতৰা ৰূপত এখোজ নতুনত্বৰ বাট অাগুৱাব সক্ষম হৈছে;তেওঁলোকৰ ওচৰত "মুখা"ৰ সদস্যবৃন্দ চিৰকৃতজ্ঞ হৈ থাকিম।


                 জীৱন সুন্দৰ,বিশাল,বিষাদময়,স্মৃতি-মধুৰ,অানন্দ,নিৰানন্দ এইবোৰ অৰ্থপূৰ্ণ কৰি তোলে সাহিত্যই।সাহিত্যৰ জন্ম অাৱেগত; এই প্ৰাণীজগত অাৱেগেৰে পৰিচালিত হয়।মানৱ জাতিয়ে অকল সাহিত্য বুজিব পাৰে,সাহিত্য সৃষ্টি কৰিব পাৰে।সমাজত চলি থকা এক জীয়া প্ৰতিচ্ছবি অালফুলকৈ তুলি কবিয়ে কবিতাৰ জৰিয়তে,গল্পকাৰে গল্পৰ জৰিয়তে,উপন্যাসিকে উপন্যাসৰ জৰিয়তে সমাজৰ প্ৰতিচ্ছবিবোৰৰ সংবদ্ধ লিখিত ৰূপ দি সাহিত্য ৰচনা কৰে।

   

              প্ৰতিভা সকলোৰে থাকে,প্ৰত্যেক মানুহে জন্মতে নিজা নিজা প্ৰতিভা লগত লৈ অাহে।এই প্ৰতিভাবোৰ বহুতৰে মঞ্চৰ অভাৱত কলিতে মৰহি যায়।"মুখা"ৰ এক মহৎ উদ্দেশ্য হ'ল এচাম নবীন লেখক-লেখিকাৰ সৃষ্টিক লিখিত ৰূপ দিয়া। কোনে  জানে কোনে কেতিয়া ডেউকাত উঠি কোনজন অাগুৱাই যাব পাৰে অনন্ত কাললৈ।গতিকে সকলো নিজৰ মাজত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিভাবোৰক প্ৰকাশ কৰা এখন সুন্দৰ মঞ্চ হ'ল "মুখা"।কিয়নো ক্ষুদ্ৰৰ মাজতে বিশালতা পোৱা যায়।


                 সাম্প্ৰতিক সময়ৰ অসমৰ নবীন লেখক-লেখিকাৰ অনুভৱৰ মাধ্যম,প্ৰাণৰ স্পন্দন "মুখা" এক সম্ভৱনাময় পদক্ষেপ অাৰু জ্ঞান পিপাশুৰ অনুশীলন।"মুখা" এদিন জাকত-জিলিকা সমাজ পোহৰাৰ এক মহান সাহিত্য কেন্দ্ৰ হৈ উঠক -- এইয়া মোৰ অান্তৰিক কামনা।শেষত সকলোৰে সাধনাই অামাৰ সকলোৰে প্ৰাণৰ স্পন্দন "মুখা" অসমীয়া তিনিমহীয়া ই-অালোচনীখন যুগ-যুগান্তৰ হওক তাকে শ্ৰীচৰণত প্ৰণাম জনাই মই সভাপতিৰ মন্তব্য সামৰণি মাৰিছোঁ………


 "সকলোৰে অাৰ্শীবাদ লৈ 
     যাম অামি অাগুৱাই
 ভৱিষ্যত জ্ঞানৰ প্ৰদীপ জ্বলাই
   ৰাখিম মুখাৰ নাম উজ্বলাই।"
Share:

উ: কি জীৱনঃঃ জ্যোতি কুমাৰ দাস





       দুদিনমানৰ পৰা মনটো কিবা ভাল নহয়।চাৰিওফালে যেন হতাশা নিৰাশা গ্লানিৰে ভৰা সাগৰৰ মাজত থকা মই অকলশৰীয়া নাবিক।অপ্ৰাণ চেষ্টা কৰিও যেন জীৱনৰ নাওখন অাগুৱাব পৰা নাই।ক'ৰবাত যেন অাউল লাগিছে।ভাল কাম কৰিব সুবিধা পোৱা নাই অাৰু বেয়া কাম কৰাৰ ইচ্ছা নাই।বি.এ.ত অৰ্থনীতিত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ দুটামান টিউচন কৰি নিজকে পোহপাল দি বুজিছো অাগতে খৰছ কৰা দেউতাৰ পইচাৰ মূল্য কিমান অাছিল? দেউতাই মৰমতে কিনি দিয়া বাইকত এতিয়াও নিজৰ পইচাৰে তেল ভৰাবৰ সামৰ্থ হোৱা নাই।কিমান দিন অাৰু সহ্য কৰিম।চাকৰিৰ পিছত দৌৰি হাৱাথুৰি খাইছো।"উ: কি জীৱন ……" বুলি কৈ সান্তনা লব পাৰো কিছু সময়ৰ বাবে কিন্তু অাকৌ স্বাভাৱিক জীৱন।অাৱেলিৰ সময়।পৰিস্থিতিৰ মাজত নিজকে হেৰুৱাৰ বেদনাই হৃদয়ত বেয়াকৈ অাঘাত কৰি অাছে।সেইবাবে ঘৰৰ বাহিৰলৈ ওলাই গ'লো।ভাৱিলো চ'কৰ পিনে দুই-এজন বন্ধু পাও যদি সুখ দুখৰ কথা অলপ পাতো।ৰাষ্টাৰে গৈ অাছো।সকলো নিজৰ কামত ব্যস্ত।অলপ গৈ দেখিলো এজন বৃদ্ধ মানুহ (প্ৰকৃত বয়স ৫১, দেখাত ৬৫ যেন) হাত এখন নাই।মই তেওক অবজ্ঞা কৰি চাব লৈছিলো মাঠোন।তেনেতে তেও মোৰ হাতখন ধৰি ক'লে "বাবা তুমি মোক অলপ সহায় কৰিব পাৰিবানে ?" মই অবাক হৈ চাই ক্ষন্তেক পিছত ক'লো কওকচোন।তেও ক'লে অাজি ৬মাহ অাগত মোৰ লৰাটোৰ এটা সৰু দুৰ্ঘটনাৰ পিছত ডাক্তৰো ভূল চিকিৎসা কৰিলে নে কিয়ে হ'ল সি এতিয়াও দেহৰ কোনো অংগ লৰচৰ কৰিব নোৱাৰে।তথাপিও চিকিৎসা কৰি অাছিলো।কিন্তু এইবিলাক কথা ভাৱোতে মই কাম লৰা কোম্পানীৰ মেছিনত মোৰ হাতখন কটা গ'ল।কোম্পানীত কাম কৰিব নোৱাৰাৰ বাবে উলিয়াই দিলে।এতিয়া এনেকে যদি কোনোবাই যদি দুই-এটকা দিয়ে চিকিৎসাৰ বাবে……।উত্তৰ দিব পৰা নাই অলপ সময়।তাৰ পিছত হুক-হুকাই কান্দিলো।

 ✍জ্যোতি কুমাৰ দাস 
গাঁও:- নাহিৰা, দক্ষিণ কামৰূপ
Share:

নিষ্পাপ্যঃমণি দত্ত


✍✍ *মণি দত্ত,গুৱাহাটী*


অাৰ্তজনৰ হত্যা
অাইৰ বুকুৰ কলিজা ফালি
ৰক্তৰে ধুৱাব খুজিছে
এই সোণৰ অসম।
সোণৰ অসম!
শুনিবলৈ বৰ ভাল লগা,
কিন্তু, এই দেশৰ ৰাজ্যতে
চলে পিশাচৰ নৰহত্যা।
যাৰ কোনো মমতা, নাই
অাপোন পৰৰ চিন নাই
অাৰু নাই সৰু-বৰ। 
ময়ো এই ৰাজ্যৰ জীয়ৰী 
তথাপিও নোৱাৰো মই
হত্যাকাৰী হ'বলৈ।
ৰক্তপ্ৰিয় প্ৰিয় নহয়
মই শান্তি প্ৰিয়।
সেইয়ে মোৰ যাযাবৰী সখী সকল
বন্ধ কৰো অাহা,
এই হত্যা ধ্বংসলীলা
মচি পেলাও মোৰ দেশৰ কলংক।
অাৰু! অশ্লীল পিশাচৰ প্ৰাণীবোৰ অস্তীত্ব
অাগুৱাই অাহা।

যাওঁ অামি মিলি-জুলি 
এই মাটিৰ মৰম বুকুত লৈ
দেশৰ অাত্মীয়তাক ৰক্ষা কৰো
অামাৰ হৃদয়ৰ শান্তিৰ বাণীৰ।
Share:

অপৰাহ্ণৰ ৰংঃ পৰীক্ষিত কলিতা


সুৰুযৰ 
এজাক ৰঙা ৰ'দ
নদীৰ বুকুলৈ আহিছিল
বুকুত হেঙুলীয়া অপৰাহ্নৰ ৰং।
এজাক চৰাইৰ কিৰিলিত উন্মনা আহতজোপাই 
এফাকি বনঘোষা গাই
নিয়ৰক সাৱটি ললে।
চেচাঁ বতাহজাকত গধূলি নামিছিল,
জঠৰ হৈছিল
সেমেকা ৰাতি।
ফটা কাপোৰৰ ভাঁজে ভাঁজে 
দেওঁ দি নাচি আছে,
এজাক জৰুৱা বতাহে,
এন্ধাৰে কাষ চাপিছিল নিৰৱে।
নিশাৰ এন্ধাৰ ফালি
নিয়ৰ সৰে টোপে টোপে,
প্ৰেমাতুৰৰ দুটি চিঞৰ,
পুণৰ লগ হ'ম
লগ হ'ম পুণৰ।


🖋🖋পৰীক্ষিত কলিতা
বৰজাৰ,নলবাৰী
Share:

এটা সুৰ হৈ বৈ যায়ঃ দ্বীপেন মেনা




এটা সুৰ হৈ বৈ যায় নৈখন
নি: শব্দ সুৰ
প্ৰাণোচ্ছল গতি
জল কলৰৱত প্ৰাণ পাই উঠে
নৈপৰীয়া গাঁও.. শ্যামলিমা উপত্যকা
গাঁওৰ পঁজাবোৰ বন্তি হৈ জ্বলে 
মানুহবোৰৰ বুকুত সূৰ্যমুখী ফুলে
তাতেই উদ্ যাপিত হয়
শৈশৱ কৈশোৰ যৌৱন..

নৈয়ে গঢ়ে
নৈয়ে ভাঙে
সভ্যতা জীৱন শৈলী
মানুহবোৰে যেতিয়া পৰিধি ভাঙে
প্ৰকৃতিৰ উৰ্ব্বৰ বুকুত বৰ্বৰতাৰে চলাই পোষ্টম'ৰ্টেম
ঠিক তেতিয়াই নৈখন হৈ উঠে বিদ্ৰোহী
(নৈখনে) মচি দিয়ে বৰ্ণিল ছবিবোৰ
গাঁও নগৰ পথাৰ পাহাৰ
এখন উকা কেন্ ভাছ হৈ পৰি ৰয়
সেই উপত্যকা

বুকুৱে বুকুৱে জীৱন্ত ঘা লৈ
ঘাঁহে পুন: গজালি মেলালৈ ৰৈ থাকে মানুহবোৰ
এটা সুৰ হৈ বৈ যায় নৈখন..
         

🖋🖋দ্বীপেন মেনা
বেলশৰ, নলবাৰী
Share:

শিশুবোৰে এদিন আকাশ চুব লাগিবঃঃঅংকুৰ বৰা


✍✍অংকুৰ বৰা, যোৰহাট

এৰাবাৰী খনত কণমানি চৰাই এজাকক
কাণি-মুনিকৈ দেখিছিলোঁ
আঁতৰৰ পৰা

চৰাই পোৱালি বোৰৰ গগণ ফলা মাত
ই কি বিড়ম্বনা
ইমান কোমলতাত !

আগলৈ কণমানি শিশু বোৰে
আকাশ চুবলৈ মাটিৰ চৰণে যথেষ্ট
চিলা হৈ উৰিবলৈ সূতা এডালৰ প্ৰয়োজন

কণমানি শিশুবোৰ 
মোৰ আত্মাৰ নিনাদ
কলিজা শীতল পৰা মাত

এদিন ওমলিব লাগিব শিশু বোৰে
নীল আৰ্মষ্ট্ৰংৰ স'তে জোনৰ দেশত
Share:

প্ৰেমৰ বাবে কিছু কথাঃ মিণ্টুল হাজৰিকা



আহা শতাব্দী
আমি নিৰ্জনতাত তিতো

সেউজীয়া বৰষুণজাকত তোমাক নিজৰ কৰি লওঁ

হৃদয়ৰ বিষাদবোৰে আমনি কৰিলে তুমি আহিবা
বিষাদৰ বুকুত মলম সানি দিম প্ৰেমৰ
এসাগৰ প্ৰেম দিম একজলি ভৰায়।

ক্ৰমশ:  বিষাদবোৰ আঁতৰি যাব
তুমি জী উঠিবা তোমাৰ মতে
 মোৰ বাবে

কেৱল তুমি আহা শতাব্দী
আহা নিৰ্জনতাত দুপৰীয়া দুপৰীয়া গোন্ধ বিয়পাবলৈকে

মোৰ বুকুৰ বঁকিয়াদি তুমি গৈ আকাশ পাবা.....

মিণ্টুল হাজৰিকা
হাজো,কামৰূপ জিলা
Share:

শৰতৰ আগমনঃ হিমাদ্ৰী দাস



হৃদয়ৰ উপত্যকাত সোণবৰণীয়া 
পখীৰ সুৰৰ মূৰ্ছনা 
অস্তমিত সূৰুযে দি গ'ল 
অবৰ্ণনীয় এভৰাঁল সুখৰ বতৰা ...

এয়া হেনো শৰত 
আগমনৰ সময় 
দিগন্তৰ সেউজীয়া ৰূপ 
সঁজাল হোৱাৰ সময়

কাচিয়লী ৰ'দৰ হিৰন্ময়ী আভাই
শৰতক আনিছে আদৰণি জনাই

স্নিগ্ধ আঁচল উৰুৱাই 
বতাহৰ সোপানে সোপানে 
শুৱনি লাৱনী খোজে 
লয়লাস ভঙ্গিমাৰে 
নামিছে প্ৰকৃতি ৰাণী
মমতাময়ী ধৰাৰ বুকুলৈ 
সিঁচিবলৈ প্ৰেমৰ সঁচুৱা

শেৱালী জুপিৰ গাভৰু মন
চঞ্চল খিলখিল হাঁহি 
শিহৰিত যৌৱনা দেহ 
কোনোবা প্ৰেমিক কবিৰ 
জীয়া কলিজা ডেই পুৰি যায়

কঁহুৱাৰ শুভ্ৰ বসন 
বতাহৰ ভাজে ভাজে ঢৌ খেলি 
উলাহতে আপোন পাহৰা

মনোমুগ্ধকৰ শাৰদীৰ নিবিড় 
আলিঙ্গনত মৰুদ্যানো জীপাল 

নিয়ৰৰ কনিকাৰ দুবৰিত সহবাস
উজ্বল মুকুতাৰ 
জোনাকীৰ সতে লুকা ভাকু

সেউজ প্ৰকৃতিৰ ৰাগী লগা 
ৰসাল ঘ্ৰাণত
মতলীয়া মোৰ কোমল হৃদয় 

শৰত প্ৰকৃতিৰ এক নিৰ্মল ভাস্কৰ্য
সৌন্দৰ্যৰে জীৱন আলোকিত কৰা 

   ________✍হিমাদ্ৰী দাস 
          সোনাপুৰ , কামৰূপ(ম) অসম
Share:

যোগাযোগ আৰু লেখা পঠোৱাৰ ঠিকনা

ইমেইল - mukhamagazine@gmail.com

ফোন/ৱাটছ এপ - ৯১২৬৬ ২১৪২০

ঠিকনা - নলবাৰী,অসম

ৱেবচাইট- www.mukha.ml
ই মেইল আৰু ৱাটছ এপ যোগে আমালৈ লেখা পঠাব পাৰিব

আমাৰ শুভাকাংক্ষীসকল


সুৰুষ ৰাজবংশী,নলবাৰী
ৰিদীপ ৰাজখোৱা,তিনিচুকীয়া
নৱজানি বৰুৱা শইকীয়া,তিনিচুকীয়া
গাম্ভীৰ্য মুদৈ,লখিমপুৰ
প্ৰশান্ত বৰা,মাজুলী
দিব্যজ্যোতি তালুকদাৰ,বৰজাৰ,নলবাৰী
বন্দনা দাস,নলবাৰী
পুলক জ্যোতি হাজৰিকা, লখিমপুৰ
নিপু তালুকদাৰ,পাঠশালা
সাগৰিকা দাস, ওদালগুৰি
জিন্টুমণি বৰ্মন,নলবাৰী
মৃণাল তালুকদাৰ, নলবাৰী

শুভেচ্চা বাণীঃ কৈঠালকুছি সাংবাদিক সন্থা

কৈঠালকুছি সাংবাদিক সন্থা
শুভেচ্ছাবাণী


ছপা মাধ্যম বা গ্ৰন্থ সভ্যতা সাধাৰণ জনতা অাৰু নৱ প্ৰজন্মৰ পৰা কিছুদুৰ অাতৰি অহা দুখজনক চৰ্চাৰ বিপৰীতে যুগধৰ্মৰ লগত খোজ মিলাই নৱ-প্ৰজন্মই ইন্টাৰনেট ব্যৱস্থাৰ জৰিয়তে জনমত গঠনত লোৱা ইতিবাচক ভুমিকা নুই কৰিব নোৱাৰি। বৰঞ্চ একোটা বাতৰি, ঘটনা, সংবাদ বা দু-সংবাদ, মতামত অানকি সৃজনিশীল সাহিত্যকো বিশ্বক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিছে ইন্টাৰনেট বা প্ৰযুক্তিবিদ্যাৰ জৰিয়তে। এটি কবিতা অাঞ্চলিক, ৰাজ্যিক বা ৰাষ্ট্ৰীয় ভূগোল পাৰ হোৱাৰ সপোন এতিয়া এটি মাত্ৰ "ক্লিক"তে সম্ভৱ। পৰিৱৰ্ত্তিত গোলকীকৰণ ব্যৱস্থাৰ হাতত ধৰি প্ৰকাশৰ অায়োজন চলা "মুখা"ই ব্যক্তি, সমাজ, ৰাজনীতি, সংস্কৃতি অাদি সৰ্বস্তৰৰ চিন্তা-চেতনাক প্ৰতিফলিত কৰক। নেতিবাচক মুখাবোৰ চিনাক্ত কৰি ইতিবাচক মুখাক অাদৰিবলৈ গণ-দেৱতা সাজু হৈ উঠক। "মুখা"লৈ জনালোঁ অান্তৰিক শুভেচ্ছা।


শৈলেন বৰ্মন
সম্পাদক
কৈঠালকুছি সাংবাদিক সন্থা

পৃষ্ঠা সমূহ